1 C
Munich
Monday, December 5, 2022

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰৰ এবছৰ কাৰ্যকালত সফল নে বিফল।

Must read

।। অমিত শ্বাহক আদৰণি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মূহুৰ্তৰ ফটো।।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতধীন বিজেপি চৰকাৰে এবছৰত ৰাইজক সুবিধা প্ৰদান কৰিবলৈ সক্ষম হৈছে হিমন্তই সফল নে বিফল। গৃহমন্ত্ৰী অমিত শ্বাহ অসম ভ্ৰমণে অসমবাসীয়ে কি পাব

দিনটোৰ কাৰ্যসূচীৰে

ৰাজ্যত পূৰ্বে পাচ বছৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছিল? বৰ্তমান ৰাজ্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত বিজেপি চৰকাৰ গঠন কৰিবলৈ এবছৰ হ’ল। হিমন্ত বিশ্ব শৰ্মাই নেতৃত্বত বিজেপি দলে বাৰ্ষিক শতীয়ান হিচাপে এক ধোমধামেৰে অনুষ্ঠান কৰিছে কাজিৰঙাত।

👉 টে’ট শিক্ষকক নিয়মীয়াকৰণ কৰিব নোৱাৰাৰ ১ বছৰ
👉মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ভুৱা প্ৰতিশ্ৰুতিৰ ১ বছৰ
👉ক’ভিডকালত চৰকাৰী ব্যয়ৰ হিচাব দিয়াত ব্যৰ্থতাৰ ১ বছৰ
👉এক লাখক চাকৰিৰ প্ৰলোভনৰ ১ বছৰ
👉১০ বছৰৰ ভিতৰত সকলো চৰকাৰী স্কুল বন্ধ কৰি দিয়াৰ ভাবুকিৰ ১ বছৰ
👉১ লাখ ১০ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ১ বছৰ
👉এফালে উচ্ছেদ, আনফালে উচ্ছেদিতক পুনৰ সংস্থাপনৰ দুতলীয়া নীতিৰ ১ বছৰ
👉অসমত নৱজাতকৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে শীৰ্ষত ৰখাৰ ১ বছৰ
👉অসমত বিদ্যালয়ৰ Drop-outৰ হাৰ দেশৰ ভিতৰতে শীৰ্ষত ৰখাৰ ১ বছৰ
👉অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে শীৰ্ষত ৰখাৰ ১ বছৰ
👉প্ৰধানমন্ত্ৰীৰ আবাস আঁচনিক বন্ধ কৰি থোৱাৰ ১ বছৰ
👉APSCৰ তদন্ত গাপ দিয়াৰ ১ বছৰ
👉সামগ্ৰীৰ আকাশলংঘী দামে জনতাক মাধমাৰ দিয়াৰ ১ বছৰ
👉চাহ শ্ৰমিকৰ মজুৰি ৩৫১ টকা দিয়াৰ ভুৱা প্ৰতিশ্ৰুতিৰ ১ বছৰ
👉দেশৰ ভিতৰতে অসমৰ সৰ্বনিম্ন জনমূৰি আয়ৰ ১ বছৰ
👉বাজেটত আবণ্টিত ধনৰ ৩০% ব্যয় কৰিব নোৱাৰাৰ ১ বছৰ
👉দৰিদ্ৰ মাতৃয়ে সন্তানক বিক্ৰী কৰিবলৈ ওলাই অহাৰ পৰিস্থিতি সৃষ্টিৰ ১ বছৰ
👉কেবিনেট মিটিঙক ভ্ৰাম্যমাণ কৰি ৰাজকোষৰ ধন শৰাধ কৰাৰ ১ বছৰ
👉অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা ঘূৰাই আনিব নোৱাৰাৰ ১ বছৰ
👉৬ নং দফাৰ উপ-সমিতিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নোৱাৰাৰ ১ বছৰ
👉অপাৰেচন ছাৰখাৰেৰে গাড়ীৰ মালিকক অত্যাচাৰৰ ১ বছৰ
👉২৯ বিঘা মাটি কেলেংকাৰীৰ ১ বছৰ
👉APSCত অসমীয়া প্ৰশ্ন কাকত উঠাই দিয়াৰ ১ বছৰ
👉ই-ৰিক্সা চালকক ১০ হাজাৰ টকা জৰিমনা কৰাত তেওঁৰ মৃত্যুৰ ১ বছৰ
👉অসমত অবৈধ ড্ৰাগছ বন্ধ কৰিব নোৱাৰাৰ ১ বছৰ
👉শুদ্ধ NRC প্ৰকাশৰ পদক্ষেপ ল’ব নোৱাৰাৰ ১ বছৰ
বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি পাতি ৰাইজৰ মাজত আকৰ্ষণীয় কৰিব বিচাৰিছে। কিন্তু সাধাৰণ জনতাক মূল্যবৃদ্ধি জোলাঙা কৰি পেলাইছে। মূল্য বৃদ্ধিৰ তীব্ৰতাৰে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেখা গৈছে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। এই সময়তে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী বিভাগত দায়িত্বত থকা অমিত শ্বাহে NRC প্ৰসঙ্গ ৰাইজৰ মাজত বিভ্ৰান্তি কৰাৰ চেষ্টা চলাই থকাৰ দেখা গৈছে। ২০১৪ চনত সমগ্ৰ ভাৰততে মোদী ঢৌ চলি থকাৰ সময়ত নৰেন্দ্ৰ মোদী অসমত আহি মুল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিছিল পানী অভাৱ দুৰ কৰিব নিবনুৱা সমস্যা সমাধান কৰিব ব্ৰহ্মপুত্ৰ তলৰে আনকি বিজেপি চৰকাৰৰ বিজয়া চক্ৰপতি প্ৰশান্ত ফুকন পিয়াজৰ মালা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰিছিল বিধানসভাত চিলিণ্ডাল চবি আকি মুল্য বৃদ্ধি হ্ৰাস কৰিবলৈ প্ৰতিবাদ কৰিছিল। কিন্তু সকলো সামগ্ৰীতে পূৰ্বতকৈ তিনি গুণ বৃদ্ধি পাইছে সমগ্ৰ বস্তু সমূহত এতিয়া সকলোবোৰ নেতাই ৰাইজৰ সমস্যা সমাধান ‌কৰাৰ চেষ্টা নকৰি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আওকাণ কৰি থকা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ যোৱা এবছৰ কাৰ্যকালৰ প্ৰধান সমস্যা হল পেট্ৰল মুল্য বৃদ্ধি একেৰাহে ১০ দিন ধৰি মূল্যবৃদ্ধিয়ে কোঙা কৰিছে অসমবাসীকঃ
পেট্ৰ’লিয়ামজাত সামগ্ৰী, ৰন্ধন গেছ, চাউল, আটা, মিঠাতেল, নিমখ, ঔষধ, ঘৰ নিৰ্মাণৰ সামগ্ৰীৰ অত্যধিক মুল্য বৃদ্ধি সাধাৰণ ৰাইজক হতাশাগ্ৰস্ত কৰি পেলাইছে।

সামগ্ৰী পূৰ্বে বৰ্তমান

১) মিঠাতেল ১৪৮ টকা ২২০ টকা
২) আটা ৩৫ টকা ৪০ টকা
৩) মচুৰ দাইল ৮৪ টকা ১১০ টকা
৪) নিমখ ‌‌ ‌ ১৬ টকা ১৯ টকা

অমিত শ্বাহৰ নিৰামত্তা আৰক্ষী বি এ চেফ কিয় ঘুৰাই পঠিয়ালে যোগান মন্ত্ৰী ৰঞ্জিত দাসক
অমিত শ্বাহৰ নিৰামত্তা আৰক্ষী বি এ চেফে বাংলা সীমান্তত পৰিদৰ্শন কৰাৰ সময়ত ৰঞ্জিত দাসক বাধা
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article