17.3 C
Munich
Wednesday, August 10, 2022

মানৱ সেৱা যাৰ ধৰ্ম সেইজন হল ৰতন টাটা। ৰতন টাটাৰ অৰিহণাৰ বাবে আজি অসমবাসী ১৭ খন কেন্সাৰ হস্পিটাল পাবলৈ সক্ষম হল। অসম চৰকাৰে সকলোবোৰ নৰেন্দ্ৰ মোদী কাৰণে হোৱা দেখাই আছিল যদিও কিন্তু ৰতন টাটাই সেইদিনা উপস্থিত হৈ সকলো বিৱৰণ দি কোৱাৰ পিছত মোদী মোদী হৈ থকা চচিয়েল মিডিয়া সন্ধিয়ালৈ হৈ পৰিল টাটা টাটা।

Must read

লোকৰ পিঠাৰে বিহু পাতিলে নেকি নৰেন্দ্ৰ মোদী ৰতন টাটাৰ অৰিহণাৰ বাবে আজি অসমবাসীয়ে ১৭ খন কেঞ্চাৰ হস্পিটাল পালে? অসম চৰকাৰে প্ৰধান মন্ত্ৰীক মুগাৰ গামোচা সন্মান জনালে কিন্তু ৰতন টাটাক কিয় বেলেগ গামোচা পিন্ধালে।

অসম চৰকাৰে কিয় একেখন গামোচাৰে সন্মান নকৰিলে ইয়াৰ আৰৰ ৰহস্য..??

Todaytak news :- ভাৰতৰ এজন সফল মহান উদ্যোগপতি যাৰ নামে শুনিলে বিশ্বৰ সকলো মানুহে এজন সৎ দয়ালো মহান ব্যক্তি বুলি জানে ৰতন টাটা। ৰতন টাটাই অসম ভুমিৰ লগত আজি প্ৰায় কুৰি দশকৰ আগৰ পৰা সম্পৰ্কত আছে। যিজন ব্যক্তিৰ অৰিহণাৰ বাবে অসমে ১৭ খনকৈ কৰ্কট ৰোগৰ বাবে হস্পিটাল পালে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কৰ্কট ৰোগৰ হাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বাধিক হয় বুলি সকলো মানুহে জানে। অসমৰ কৰ্কট ৰোগী সকলক চিকিৎসাৰ বাবে অন্য ৰাজ্যত চিকিৎসা কৰিবলৈ কষ্ট কৰি যাব লগা হয়। অসমবাসীৰ কৰ্কট ৰোগী সকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰতন টাটাই কৰ্কট ৰোগী সকলৰ বাবে বৃহৎ পৰিমাণৰ ধনেৰে কৰ্কট চিকিৎসা হস্পিটাল উদ্ধোধন কৰা ২৯-এপ্ৰিল ২০২২ ইং চনৰ বৃহস্পতিবাৰে। অসম চৰকাৰৰ তৰফৰ পৰা ২০১৮ চনৰ জুন মাহত টাটা ট্ৰাষ্টৰ স্বত্বাধিকাৰী ৰতন টাটা (Ratan Tata)ক লগ কৰি অসমৰ কৰ্কট ৰোগী সকলৰ সমস্যাৰ বিষয়ে মহান ব্যক্তিজনৰ আগত ব্যক্ত চৰকাৰে। ৰতন টাটাই অসমকে নহয় সমগ্ৰ দেশতে ভাল উদ্দেশ্যৰ বাবে এইখনত হাতেৰে উপাৰ্জন কৰা ধন দুখন হাতেৰে বিলাই দিয়ে। কিন্তু বহু লোকে বছৰে বছৰে প্ৰতিযোগিতাহে গুৰুত্ব দিয়ে বিশ্বৰ ভিতৰত ধনী ব্যক্তিৰ তালিকাত শীৰ্ষস্থানত নাম অন্তৰ্ভুক্ত হ’বলৈ। কেতিয়াবা এজন তালিকাৰ শীৰ্ষলৈ যায়, কেতিয়াবা আন এজনৰ যায়। সমগ্ৰ বিশ্বৰ ভিতৰত ধনী ব্যক্তিৰ তালিকাত এতিয়া প্ৰথম স্থানত আছে এলন মাস্ক। তথ্য অনুসৰি মুকেশ আম্বানীত কৰি ৰতন টাটাৰ মুঠ সম্পত্তি বেছি ৰতন টাটাৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৮.৩৩ লাখ কোটি আনফালে মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পানীৰ মুঠ সম্পত্তিৰ মূল্য হৈছে ৬.৩ লাখ কোটি টকা। তথাপিও বিশ্বৰ ধনী তালিকাত ৰতন টাটাৰ নাম নাই কিয়? আপুনি জানে নে আপুনি জানি আচৰিত হ’ব। ৰতন টাটাৰ নেতৃত্বত টাটা গ্ৰুপ কেৱল ভাৰতৰে নহয়, সমগ্ৰ বিশ্বৰে অন্যতম প্ৰধান ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে কুৰি দশকৰ আগতে স্বীকৃতি পাইছে। অথচ টাটাৰ নাম ফোৰ্বছৰ তালিকাত নাই। ফলত ইয়াকে লৈ কৌতুহল থকাতো স্বাভাৱিক। ভাৰতীয় আগশাৰীৰ ব্যৱসায়ীসকলৰ ভিতৰত ৰতন টাটা অন্যতম। ৰতন টাটাৰ উপৰ্যানৰ ধন সাধাৰণ জনতাৰ লাভৰ বাবে বেছি অংশ ধন বিলাই দিয়ে। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ অসামান্য দূৰদৃষ্টিৰ কথা কোনেও নজনা নহয়। কিন্তু ৰতন টাটা জনপ্ৰিয় নিজৰ সমাজসেৱাৰ লগত জড়িত কৰ্মৰাজীৰ বাব। মানুহৰ কল্যাণৰ বাবে বহু কামেই কৰি থাকে তেওঁ। আৰু সেইকাৰণেই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হ’ব পৰা নাই ৰতন টাটা। ইটোৰ পিছত সিটো দেশ আৰু জাতিৰ বাবে কৰা কল্যাণমূলক কামৰ বাবে সমগ্ৰ বিশ্বই জানে ৰতন টাটা এজন দয়ালো ব্যক্তি। ৰতন টাটাৰ বৰ্তমান বয়স ৮৫ বছৰ। প্ৰতিগৰাকী ভাৰতীয়ই অন্য ধৰণে চাই ৰতন টাটাক। দীৰ্ঘ প্ৰায় ৬০ বছৰ ধৰি পৃথিৱীৰ অন্যতম বৃহত্‍ ব্যৱসায়-বাণিজ্য পৰিচালনা কৰিছে তেওঁ। আশা কৰা যায় যে, ভাৰতবৰ্ষৰ সকলোফালৰ ধনীৰ তালিকাত নিশ্চয় প্ৰথমতেই থাকিব ৰতন টাটাৰ নাম। একেবাৰে প্ৰথমতে নাথাকলেও অন্তত ১০ৰ পৰা ২০ৰ ভিতৰত থাকিব। কিন্তু জানিলে আচৰিত হ’ব যে, আইআইএফএল, ৱেল্থৰ ২০২১ৰ প্ৰতিবেদন অনুসৰি ৰতন টাটাতকৈও ধনী ভাৰতীয়ৰ সংখ্যা ৪৩২। ইয়াৰ প্ৰধান কাৰণ, টাটা ট্ৰাষ্টৰ জৰিয়তে মানৱ কল্যাণৰ বাবে ব্যয় বহু কৰে ৰতন টাটাই কোটি কোটি ধন। তেখেতৰ ৬০ শতাংশ ধন ৰাইজৰ ভাল কামৰ বাবে দান কৰে। উল্লেখ্য, ইয়াৰ ফলতে ৰাজ্যত ১৭খন কেন্সাৰ কেয়াৰ হাস্পতালৰ সৈতে দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ সুলভ কেন্সাৰ কেয়াৰ নেটৱৰ্ক স্থাপনৰ এটা প্ৰকল্প কাৰ্যকৰী কৰি থকা হৈছে। এই প্ৰকল্পৰে বৃহস্পতিবাৰে ৬খন কৰ্কট চিকিৎসালয় মুকলি কৰাৰ লগতে আন ৭খন কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰা হয়।

ৰতন টাটাৰ ৩ বছৰ বয়সৰ পৰা নিজৰ মাক দেউতাকৰ লগৰ পৰা আঁতৰি আইতাকৰ লগত কিয় থাকি ললে?

ৰতন টাটাক ডাঙৰ দীঘল কৰা আইতাজনিৰ সৈতে ফটো

উল্লেখযোগ্য যে,দেশৰ ভিতৰতে আটাইতকৈ ধনী মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত ৰতন টাটাৰ জন্ম হৈছিল। টাটা গ্ৰুপৰ প্ৰতিষ্ঠাপক জামছেদজী টাটা আছিল ৰতন টাটাৰ ককাকৰ। ৰতন টাটাৰ শৈশৱ বৰ সুখৰ নাছিল। ৰতন টাটাৰ জন্মৰ কেইটামান বছৰৰ পিছতে ১৯৪০ চনৰ মাজভাগত টাটাৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ ঘটে। তেতিয়া ৰতন টাটাৰ বয়স আছিল মাত্ৰ ১০ বছৰ আৰু ভায়েক জিমীৰ বয়স আছিল পাঁচ বছৰ। আইতাক লেডী নাৱালবাঈয়ে ৰতন টাটাক লগত ৰাখিছিল আৰু আইতাকে ৰতন টাটাক মোম্বাইত হাইস্কুলৰ শিক্ষা সমাপ্ত কৰি। ৰতন টাটাক আইতাকে আমেৰিকালৈ উচ্চ শিক্ষাৰ প্ৰেৰণ কৰে। উচ্চ শিক্ষাৰ সম্পূৰ্ণ হোৱাৰ পিছতে ৰতন টাটাই আমেৰিকাৰ নিউয়ৰ্ক চহৰৰ কাৰ্ণেলে বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। ১৯৫৫ চনত অভিযান্ত্ৰিক পাঠ্যক্ৰম সমাপ্ত কৰে ৰতন টাটাই। ৰতন টাটাৰ জীৱনত আইতাকৰ আছিল বহু গুৰুত্বপূৰ্ণ অৱদান আৰু অৰিহণা।প্ৰকাশন প্ৰতিষ্ঠান হাৰ্পাৰকলিন্সে উদ্যোগপতি ৰতন টাটাৰ কৰ্তৃত্বপ্ৰাপ্ত জীৱনী প্ৰকাশ কৰাৰ বিশ্বব্যাপী অধিকাৰ লাভ কৰিছে। উৎসৰ তথ্যৰ ওপৰত আধাৰিত লাইভমিণ্ট প্ৰতিবেদন অনুসৰি, কিতাপখন প্ৰাক্তন আমোলা থমাছ মেথিউৰ দ্বাৰা লিখা হৈছে আৰু ইয়াত টাটাৰ শৈশৱ, মহাবিদ্যালয়ৰ দিন আৰু জীৱনৰ প্ৰাৰম্ভিক প্ৰভাৱৰ অকথিত কাহিনী প্ৰদৰ্শন কৰা হ’ব।
এই জীৱনীখনে বিশ্বৰ আটাইতকৈ সস্তা গাড়ী টাটা নেনোৰ বিকাশ আৰু ২০১৬ চনত টাটা চন্সৰ প্ৰাক্তন অধ্যক্ষ চাইৰাছ মিস্ত্ৰীৰ বিতৰ্কিত প্ৰস্থানৰ দৰে ঘটনাবোৰৰ ওপৰতো প্ৰভাৱ পেলাব।২ টকাতকৈ অধিক মূল বিজয়ী নিবিদাই হাৰ্পাৰকলিন্সক জীৱনীখনৰ প্ৰিণ্ট, ইবুক আৰু অডিঅ’ বুক ফৰ্মেটৰ বিশ্বব্যাপী অধিকাৰ প্ৰদান কৰিব।অৱশ্যে,কিতাপখনৰ অ’টিটি অধিকাৰ মূল লেখকৰ সৈতে থাকিব।

২০২০ চন ২০ ফ্ৰেব্ৰুৱাৰী তাৰিখে ৰতন টাটাই অবিবাহিত হৈ থকাৰ আৰৰ কাহিনী সকলো কথা কোৱাৰ মুহুৰ্তত ফটো

ৰতন টাটাই গোটেই জীৱনটো অবিবাহিত হৈ আৰৰ ৰহস্য কি?
ৰতন টাটাৰ অবিবাহিত থকাৰ কাৰণটো সকলোৱে জানিবলৈ চেষ্টা কৰি আছিল যদিও ৰতন টাটাই কেতিয়াও অবিবাহিত হৈ থকা ৰহস্যৰ কথা কোৱা নাছিল কাকো। আজিৰ পৰা ২ বছৰ আগত ৰতন টাটাই ইন্তাৰভিও অবিবাহিত আৰৰ কাহিনী মোম্বাইত এটা চচিয়েল মিডিয়াৰ যোগেৰে ব্যক্ত কৰে। ৰতন টাটাই ১৯৫৫ চনত ইঞ্জিনিয়াৰিং শিক্ষা সমাপ্ত কৰি, লৰ্ছ এঞ্জেলছৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত কৰিবলৈ আৰম্ভ কৰে। কৰ্মজীৱন আৰম্ভ কৰাৰ কেইদিনমান পিছতে আমেৰিকাৰ এজনী প্ৰিয়সিৰ লগত। প্ৰায় ২ বছৰ ধৰি সেইজনি আমেৰিকাৰ ছোৱালীৰ লগত প্ৰেমত উটি ভাহি গৈছিল ৰতন টাটাই। সেইসময়ত ৰতন টাটালৈ ভাৰতৰ পৰা গৈছিল দু খবৰ। কিয়নো পিতৃ-মাতৃত কৰি মৰমে ডাঙৰ দীঘল কৰা আইতকৰ মৃত্যুৰ খবৰ। আইতাকৰ মৃত্যুৰ খবৰে ৰতন টাটাক ব্যাৰ্থিত কৰিছিল। আইতাকৰ কথা শুনি লগে লগে স্বদেশলৈ আহিবলৈ সিদ্ধান্ত ললে লগতে প্ৰেমিকাকো ভাৰতলৈ আহিবলৈ লগ ধৰিলে ৰতন টাটাই। আমেৰিকাৰ প্ৰিয়সি টাটাৰ লগত আহিবলৈ মান্তি হ’ল। কিন্তু ৰতন টাটা আৰু প্ৰিয়সিৰ মাজত থিয় হল প্ৰেমিকাৰ অভিভাৱক। সেই সময়ত ভাৰত চলি আছিল ১৯৬২ চনৰ ভাৰত আৰু চীন দেশৰ যুদ্ধ। চীন আৰু ভাৰতৰ যুদ্ধ চলি থকাৰ বাবে প্ৰিমিকাৰ অভিভাৱকে ভাৰতলৈ পঠিয়াবলৈ অমান্ত হ’ল অভিভাৱকে। প্ৰিয়সিৰ অভিভাৱকে ৰতন টাটাক প্ৰতিশ্ৰুতি দিছিল চীন আৰু ভাৰতৰ যুদ্ধ সমাপ্ত হলে কন্যাক ভাৰতলৈ পঠিয়াই দিব বুলি। অভিভাৱকৰ প্ৰতিশ্ৰুতি বুকুত বান্ধি মৃত আইতাক এইবাৰ চাবলৈ আমেৰিকাৰ পৰা ভাৰতলৈ উৰা মাৰিলে ৰতন টাটাই। এটা সময়ত আইতাকৰ আদ্ধ্য-শ্ৰাদ্ধ শেষ হ’ল। দুই মাহ মান পিছত ৰতন টাটাই যোগদান কৰিলে পৰিয়াল ক্ৰান্তিক টাটা গ্ৰুপত। কিছুদিনৰ পিছত ভাৰত আৰু চীনৰ যুদ্ধ সমাপ্ত হ’ল। ভাৰত আৰু চীনৰ মাজত শান্তি স্থাপন হ’ল। প্ৰতিশ্ৰুতি দিয়া প্ৰিয়সিৰ অভিভাৱকে ভাৰতলৈ কন্যাক পঠিয়াব বুলি ৰতন টাটাই অপেক্ষা কৰি থাকিল। কিন্তু নাই প্ৰিমিকাৰ কোনো খা-খবৰে নাই। কিন্তু বহু দিন গুছি যোৱাৰ পিছত শেষত ৰতন টাটাই বহু কষ্ট কৰি খবৰ ললে প্ৰেমিকাক লগে লগে ৰতন টাটাই খবৰ পালে বুকু ভঙা খবৰ প্ৰিয়সিক জোৰ-জুলুমেৰে তাইক বিয়া দিলে অন্য আমেৰিকাৰ যুৱকৰ সৈতে। খবৰটো শুনি ৰতন টাটাই অসম্পূৰ্ণ প্ৰেম বুকুত বান্ধি জীৱনজুৰি অবিবাহিত হৈ থাকিল ৰতন টাটাই।

ৰতন টাটা আৰু আইতাক যিজনে ৰতন টাটাক ডাঙৰ দীঘল কৰিছিল। মাক দেউতাকৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত।

।। ৰতন টাটা ।।

সেইসময়ত আলফা বুলি ক’লে সকলো উদ্যোগপতি ভয় কৰিছিল। ৰতন টাটাৰ আগত কিয় হাৰ মানিলে আলফাই। ৰতন টাটাই কুৰি দশকৰ আগত অসমৰ ভূমিৰ লগত কেনেকৈ জড়িত হ’ল। ৰতন টাটাক আলফাই কিয় ধন দাবী কৰিছিল? আলফাক কিয় ৰতন টাটাই ধন নিদিলে ৰতন টাটাই আলফাক কিয় কেৰাপ নকৰিলে শেষত ৰতন টাটাৰ লগত হাৰ মানিবলৈ কিয় বাধ্য হ’ল আলফাই। ৰতন টাটাই কুৰি দশকৰ আগৰ পৰা অসমৰ চাহ বাগনৰ লগত জড়িত আছিল। যিটো সময়ত আলফাক সকলো উদ্যোগপতি ভয় কৰিছিল। যিটো সময়ত উদ্যোগৰ স্বত্বাধিকাৰী সকল ধন দাবী কৰি আহিছিল আলফাই ধন নিদিলে আলফাই হত্যা কৰিছিল। আলফাই ৰতন টাটাক ধন দাবী কৰিছিল সেই সময়ত ৰতন টাটাই আলফাক ধন দিবলৈ অমান্তি হৈছিল। আলফাক স্পষ্টকৈ জনাই দিছিল যদি আলফাক ধন সম্পত্তি অসমত ব্যৱসায়ী নকৰে ৰতন টাটাই। ৰতন টাটাৰ সিদ্ধান্তৰ বাবে আলফাই নিৰুপাই হৈ শেষত ৰতন টাটাক আলফাৰ পৰা চাহ বাগনৰ লোকৰ বাবে এইখন মেডিকেল স্থাপন কৰিবলৈ কয় টাটা গ্ৰুপক। ৰাইজৰ ভালৰ বাবেই ৰতন টাটাই একেষাৰে মানি লয় মেডিকেল স্থাপন কৰিবলৈ।

আলফা অসমত শক্তিশালী হৈ থাকোঁতে কিদৰে ৰতন টাটাই আলফাক বশ কৰিছিল।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article