
কোৰোন মহামাৰীৰ মৃত্যুৰ সংখ্যা সৰ্বাধিক ভাৰতৰ ৪৭ লোকৰ মৃত্যু হৈছিল ভাৰতত। ভাৰত চৰকাৰৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা ভুল তথ্য দিছিল ৫ লাখ লোকৰ মৃত্যু হোৱা বুলি।
Todaytak news :- কোৰোণা মহামাৰীত বিশ্বৰ ভিতৰত সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতৰ মৃত্যুৰ জনসংখ্যা সৰ্বাধিক ‘হু’ৰ প্ৰতিবেদন মতে ৪৭ লাখ লোক কোৰোণা মহামাৰীত মৃত্যু হৈছিল। ভাৰত চৰকাৰে প্ৰায় ৫ লাখ লোক মৃত্যু হোৱা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছিল। ভাৰত চৰকাৰক চৰম ভাবে বিব্ৰট কৰি আজি বিশ্ব স্বাস্থ্য সংস্থাই এই তথ্য প্ৰকাশ কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন মতে ভাৰত চৰকাৰে দাবী কৰা মতে ৫ লাখ নহয়, কোৰোণা মহামাৰীত বিশ্বৰ ভিতৰত সৰ্বাধিক ৪৭ লাখ লোকৰ মৃত্যু হয়। যি সংখ্যা ভাৰত চৰকাৰৰ স্বাস্থ্য বিভাগে জনোৱাৰ ১০ গুণতকৈ অধিক। সমগ্ৰ বিশ্বকে ধৰি কোৰোণা মহামাৰীত ডেৰ কোটি লোকৰ মৃত্যু হৈছিল। দেশ সকলৰ তথ্যমতে সমগ্ৰ বিশ্বকে ধৰি ৬০ লাখ লোকৰ মৃত্যু হৈছিল। বিশ্বৰ স্বাস্থ্য সংস্থাৰ মতে কোৰোনাত বেছি ভাগ লোকৰ মৃত্যু ঘটিছে দক্ষিণ-পূৱ এছিয়া, ইউৰোপ আৰু আমেৰিকাত। কোৰোনাত মৃত্যু হোৱা লোকৰ তথ্য দাঙি ধৰি বিশ্বৰ স্বাস্থ্য সংস্থাৰ তথ্য বিভাগৰ কাৰ্যবাহী ডা: ছমিৰ আছলাই কয়- এয়া আছিল এক ট্ৰেজেডি। কোৰোনাত মৃত্যু ঘটা সকলক সন্মান জনোৱা লগতে নীতি নিৰ্ধাৰণ সকলক উত্তৰদায়ী কৰাৰ বাবে প্ৰকৃত তথ্যৰ প্ৰয়োজন। আমি যদিহে কোৰোনাত মৃত্যু ঘটা সকলক সংখ্যা হিচাপ নকৰোঁ তেন্তে আমি পৰবৰ্তী সময়ৰ বাবে ভাল দৰে সাজু হবই নোৱাৰিম। বিশ্ব স্বাস্থ্য সংস্থাৰ নতুন তথ্যক কোনোপধ্যে গ্ৰহণ কৰিবলৈ অমান্তি হৈছে ভাৰত চৰকাৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এক বিবৃতিত আজি এই বুলি ঘোষণা কৰিছে যে গাণিতিক মডেল ভাৰতৰ ক্ষেত্ৰত অতিৰিক্ত মৃত্যুৰ সংখ্যা নিৰ্ধাৰণৰ বাবে মুঠেই উচিত হোৱা নাই। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাই ১৭ ৰাজ্যৰ তথ্য আৰু সংবাদ মাধ্যমত প্ৰকাশিত প্ৰতিবেদনত ভিত্তি কৰি কোৰোনাত মৃত্যুৰ সংখ্যা নিৰ্ধাৰণ কৰিছে। ইপিনে ইণ্ডিয়া কাউন্সিল অব মেডিকেল ৰিচাৰ্ছে। আই চি এম আৰ শেহতীয়াকৈ দেশত কোৰোনা চতুৰ্থ ঢৌ অহাৰ কোনো সম্ভাৱনা নাই বুলি দেশখনক অভয়াবাণী দিয়াৰ সময়তে আজি নতুনকৈ সংক্ৰমণ বৃদ্ধি নহয় দৈনিক মৃত্যুৰ সংখ্যাও উদ্বেগজনক। কালিতকৈ দৈনিক আক্ৰান্ত বৃদ্ধি পাইছে ২৫ শতাংশ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যমতে ২৪ ঘন্টাত দেশত নতুনকৈ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৩,২৭৫ যি পূৰ্বৰ দিনতকৈ প্ৰায় ২.২ শতাংশ বেছি। আনহাতে এদিনত কোৰোনাত মৃত্যু হৈছে প্ৰায় ৫৫ জনৰ। দেশত এই পৰ্যান্ত মুঠ মৃত্যুৰ সংখ্যা হৈছে ৫,২৩,৯৭৫। ৰাজধানী দিল্লীৰ সমান্তৰালকৈ এতিয়া হাৰিয়ানাতো নতুনকৈ আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে। ২৪ ঘন্টাত দিল্লীত আক্ৰান্ত হৈছে ১,৩৫৪। হাৰিয়ানাটো আক্ৰান্ত ৫০০ৰো অধিক। বৰ্তমান দেশত সংক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৯,৭১৯। এই সংখ্যা পূৰ্বতকৈ বেছি। ৰাজধানী দিল্লীত কভিডক লৈ চিন্তিত হ’লেও দেশত সুস্থতাৰ হাৰ স্বতিজনক। এই পৰ্যান্ত দেশত মুঠ সুস্থ ৰোগীৰ সংখ্যা হৈছে ৪,২৫,৪৭,৬৯৯। ২৪ ঘন্টাত কভিডত সুস্থ হৈছে ৩,০১০। সুস্থতাৰ হাৰ ৯৮.৭৪ শতাংশ।