অসম আৰক্ষীৰ শাকী পোচাক পৰিধান কৰি কিদৰে লুন্ঠন কৰি আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাই
অসম চৰকাৰৰ গৃহ বিভাগৰ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কৰ্মৰত জোনমণি ৰাভাৰ দুৰ্নীতি কৰি ধন উপাৰ্জন কৰা সমগ্ৰ ঘটনা ফাদিল

Todaytak news:- অসম চৰকাৰৰ গৃহ বিভাগৰ অসম আৰক্ষী সন্মানীয় পদত (উপ-পৰিদৰ্শক)ত কৰ্মৰত কৰি থকা জোনমণি ৰাভাৰ নিজৰ প্ৰেমিকক লগত লৈ এক বৃহৎ ঠিকা আবন্ত্ৰণ দিয়াৰ নামত এক বৃহৎ থগ- প্ৰৱঞ্চনা জাল পেলাই। অসম আৰক্ষীৰ শাকী পোচাক জোৰ পিন্ধি ৰক্ষকে হৈ গ’ল ভক্ষক। কেইমাহমান আগত উপ-পৰিদৰ্শক পদত অধিষ্ঠিত হৈ থকা জোনমণি ৰাভাই সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰণ মন্তব্য দাঙি ধৰে তেওঁৰ প্ৰেমিক ৰাণা পগাগৰ বিৰুদ্ধে। ৰাভাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ প্ৰেমিক ৰাণা পগাগ ঠিকা আৱন্ত্ৰণ দিয়াৰ নামত বহু লোকৰ পৰা লাখ লাখ ধন সংগ্ৰহ কৰে। জোনমণি কয় যে তেওঁ এইদৰে থগ প্ৰবঞ্চ কৰি ধন উপাৰ্জন কৰা কথাটো মই জ্ঞাত নহয়। মই পগাগৰ বিষয় গম পাই গোপনে তেওৰ কি কৰে সকলোবোৰ নিৰ্ষণ কৰো। যদি কোনো লোকে তেওঁৰ ওপৰত এজেহাৰ দাখিল কৰে মই তেওঁক গ্ৰেপ্তাৰ কৰি আইন মতে প্ৰবঞ্চা কৰিলে যিধৰণে শাস্তি হয় তেওঁক মই শাস্তি দিম। উপ-পৰিদৰ্শক গৰাকীৰ মন্তব্যৰ পিছতে ঠিকাৰ নামত ধন দিয়া ভুক্তভূগি সকলেও জোনমণি ৰাভাৰ ওপৰত এজেহাৰ দিয়ে। লগতে উপ-পৰিদৰ্শক গৰাকীয়ে তেওঁৰ ভাবী স্বামী বুলি পৰিচয় দিয়া ৰাণাৰ বিৰুদ্ধেও এজেহাৰ দাখিল কৰে। এজেহাৰৰ ভিত্তিত মাজুলী আৰক্ষীয়ে উপ-পৰিদৰ্শক গৰাকীক অৰ্থাৎ গ্ৰেপ্তাৰ জোনমণি ৰাভাক (SI Jonmoni Rabha) ১৪ দিনৰ ন্যায়িক জিম্মাত লয়। জোনমণিক গ্ৰেপ্তাৰ কৰাৰ পিছত গড়মূৰ পীতাম্বৰদেৱ জিলা চিকিৎসালয়ৰ অধীক্ষক ড° অমূল্য গোস্বামীয়ে স্বাস্থ্য পৰীক্ষা কৰে। তাৰ পাছতে তেওঁক আদালতত হাজিৰ কৰোৱা হয়।
প্ৰেমিক ৰাণা পগাগ গ্ৰেপ্তাৰ হোৱাৰ পাছতে জোনমণি ৰাভাৰ অপৰাধৰ বিষয়টো পোহৰলৈ আহিছিল। গ্ৰেপ্তাৰৰ পিছতে জোনমণি ৰাভাৰ এক অডিঅ’ ৰেকৰ্ডিং ভাইৰেল হৈ পৰিছিল আৰু ধনৰ লেনদেনত জড়িত থকাৰ কথা স্পষ্ট হৈ অডিঅ’ ৰেকডিংটোত যোগেৰে । কল ৰেকডিংটোৰ উপ-পৰিদৰ্শক গৰাকী আৰু ৰাণা পগাগ বাৰ্তালাপটো প্ৰমাণ কৰে যে জোনমণিও ঠিকা প্ৰৱঞ্চনাৰ ঘটনাটোত সম্পূৰ্ণ ভাবে জড়িত আছে বুলি।