-1.9 C
Munich
Sunday, November 27, 2022

কে কে অনুষ্ঠান কৰি থকাৰ মুহূৰ্তত কিয় ভাগৰি পৰিল জানিবলৈ তলত দিয়া প্ৰতিলিপি পঢ়ক।

Must read

নজৰুল মঞ্চত গীত পৰিৱেশন কৰি থকাৰ মূহুৰ্তত

কে কেৰ অস্বাভাৱিক মৃত্যুৱে কন্দুৱাইছে হাজাৰ হাজাৰ অনুৰাগী সকলৰ

কে কে অনুৰাগী মৃত্যুৰ খবৰ সহজ ভাবে ল’ব পৰা নাই

Todaytak news:– বলিউডৰ জনপ্ৰিয় শিল্পী কে কে বুলি পৰিচিত মহান শিল্পীজনৰ সম্পূৰ্ণ নাম কৃষ্ণকুমাৰ কুন্নাথ ওৰফে (কে কে)। কে কে কলকাতাত কাৰ্যসূচীত অংশ গ্ৰহণ কৰে বুধবাৰে। কলকাতা অনুষ্ঠানত জনপ্ৰিয় শিল্পী জনে মঞ্চত প্ৰবেশ কৰাৰ প্ৰাকক্ষণত হাজাৰ হাজাৰ অনুৰাগীৰ উলখ-মলখ হৈ পৰে। উক্ত অনুষ্ঠানত প্ৰায় ২৫০০/৩০০০ মানুহে অংশ গ্ৰহণ কৰা সুবিধা আছিল যদিও। শিল্পী জনৰ জনপ্ৰিয়তা ইমানে যে প্ৰায় ৭ হাজাৰ লোক ঠেলা-হেচা কৰি প্ৰবেশ কৰে। উক্ত অনুষ্ঠানত শিল্পীজনে এখন উকা কাগজত ২০ টা গান লিখি থয়। কলকাতা নজৰুল মঞ্চৰ অনুষ্ঠানত হাজাৰ হাজাৰ লোকৰ মুখত হাহি বিৰিঙি তোলে প্ৰায় ১৫টা গান গাই। ১৫ টা গানৰ পিছত কে কে গৰমৰ বাবে কষ্ট পোৱা যেন অনুভৱ হয়। উক্ত মঞ্চত অনুষ্ঠান কৰি থকাৰ প্ৰাকক্ষণত কে কে ভাগৰি পৰিছিল মঞ্চত থিয় হৈ থকা কমিটি এজন লোকক এচি কাম কৰা নাই বুলি সোৱা পৰিলক্ষিত হৈছে। হাজাৰ হাজাৰ অনুৰাগীক নিৰাশ নকৰি কষ্ট কৰি ইটোৰ পিছত সিটো নিজে সৃষ্টি কৰা জনপ্ৰিয় গান গাই থাকে। কে কে ১৯ টা গান গোৱাৰ পিছত ২০টা গান আৰম্ভণি কৰাৰ সময়তে শিল্পী জনে থাকিব নোৱাৰি মাইকটো এজনৰ ফালে আগবাঢ়ি দি তেওঁৰ সহকৰ্মীক গা বেয়া বুলি কয় কলকাতা এখন হোটেলত যায়। হোটেল ৰুমত স্বাস্থ্য অৱনতি হোৱাত তাতেই তেওঁ মেনেজাৰক অস্বস্তি অনুভৱ কৰি থকাৰ বিষয়ে কোৱাত তেওঁক লগে লগে কলকতা মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউটলৈ লৈ যোৱা হয় যদিও হাস্পতাল পোৱাৰ পূৰ্বেই শেষ নিশ্বাস ত্যাগ কৰে কে কেয়ে। কলকতাৰ নজৰুল মঞ্চত এক সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰাৰ প্ৰায় এঘন্টা পিছতে আকস্মিকভাৱে মৃত্যুৱ সাৱটি লয় ৫৩ বছৰীয়া কণ্ঠশিল্পীগৰাকীয়ে। বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জনৰ অস্বাভাৱিক মৃত্যু সন্দৰ্ভত কলকতা আৰক্ষীয়ে নিউ মাৰ্কেট আৰক্ষী থানাত এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে। বাতৰি অনুসৰি, কে কেৰ মূৰ আৰু শৰীৰৰ অংগত আঘাতৰ চিন পোৱা গৈছে। এই আঘাত তেওঁ অসুস্থ হৈ পৰাৰ পিছত পিচলি পৰি পাইছে নে তাৰ পূৰ্বেই পাইছিল সেই সন্দৰ্ভত তদন্ত চলাইছে কলকাতাৰ আৰক্ষীয়ে।
জনপ্ৰিয় শিল্পী জনৰ কথা গম পোৱাৰ লগে লগে বুধবাৰে পুৱা প্ৰায় ৯ বজাত কলকাতাত উপস্থিত হয় তেওঁৰ পৰিয়াল বৰ্গই। তাৰ পিছতে পৰিয়ালৰ সন্মতি আৰু মৃতদেহ চিনাক্তকৰণ প্ৰক্ৰিয়া লাভ কৰাৰ পিছত তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। মৰোণত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে কণ্ঠশিল্পীগৰাকীৰ মৃতদেহ পৰিয়ালক গতাই দিয়া হব হস্পিটালৰ তৰফৰ পৰা। নজৰুল মঞ্চত কে কেৰ শ্ব’ৰ এৰেঞ্জাৰ তোষণ ঘোষে কে কেৰ অসুস্থতা সন্দৰ্ভত জানিবলৈ দি কয়, ‘আজি সন্ধিয়া হোটেললৈ উভতি আহোঁতে গাড়ীৰ এয়াৰ কণ্ডিচনাৰটো অন কৰাৰ সময়ত তেওঁ ঠাণ্ডা অনুভৱ কৰি থকাৰ কথা তেওঁৰ সচিব হিতেশ ভাটক জনাইছিল। হোটেলত কেইজনমান অনুৰাগীয়ে তেওঁৰ চেলফি তুলিবলৈ অপেক্ষা কৰি আছিল। তেওঁ ভদ্ৰভাৱে নাকচ কৰি কয় যে তেওঁৰ মনটো আৰু গাটো ভাল নহয়।’ ঘোষে হোটেলৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতে ছোফাত ঢলি পৰিছিল। তাৰ পিছতে তেওঁক মেনেজাৰ হিতেশ ভাটে হাস্পতাললৈ লৈ যায়। কিন্তু হাস্পতাল পোৱাৰ পূৰ্বে মৃত্যুৱ সাৱটি লয় বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। কে কে মৃত্যুৰ খবৰ পাই সমগ্ৰ ভাৰতৰ লগতে অন্যান্য দেশ সমূহৰ অনুৰাগী সকলৰ ভাগি পৰে। কলকাতাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও শিল্পী জনক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।

জুবিন গাৰ্গ আৰু কে কে

Website link:- https://youtube.com/shorts/T2vh2gjACkk?feature=share

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article