কোবাল সোতেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী
বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যোৱা মুল পথটো যাতায়াত বন্ধ হৈ পৰাৰ বাবে শ শ ট্ৰাক আবদ্ধ হৈ পৰে বহু কিলোমিটাৰ ধৰি

Todaytak news :- চাপৰত বৰিল নাও কন্যা শিশু উদ্ধাৰ পিতৃ-মাতৃ সন্ধানহীন ধাৰাসাৰ বৃষ্টিপাতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক ভয়ানক পৰিবেশ সৃষ্টি কৰিছে। বছৰটোৰ প্ৰথমটো বৃষ্টিপাতৰ বানপানীৰ বাবে এনেকুৱা পৰিস্থিতি সন্মুখীন প্ৰথমটো বানতে ২৯ খন জিলাই বানপানীত ক্ষতিগ্ৰস্ত কৰিছে হৈছে। ২৯ খন জিলাৰ ১৯,০২৯ খন গাৱৰ ৭,১৭,০৪৬ গৰাকী লোক প্ৰথমটো বানপানীত ঘৰৰ দুৱাৰ ডুবি যায়। ৰাজ্যৰ ৫ খন জিলাত কিছুদিন আগতে হৈ যোৱা ভূমিস্খলনৰ বাবে ব্যাপকভাবে ক্ষয়-ক্ষতি হোৱা দেখা যায়। চৰকাৰৰ তথ্য অনুসৰি শেহতীয়া বৃষ্টিপাত হোৱাৰ বাবে বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় ৫৮,০৬৫,২৯ হেক্টৰ কৃষি তথা শস্য ভূমি। এই পৰ্যান্ত বানপানীৰ বাবে ৯ জন লোক মৃত্যুক সাৱটি ল’ব লগা হৈছে। এচ ডি আৰ এফ জোৱান আৰু স্বেচ্ছাসেৱক সকলে বানপানীৰ বাবে দিনে নিশাই কষ্ট কৰি থকা পৰিলক্ষিত হৈছে। ডি আৰ এফ জোৱান আৰু স্বেচ্ছাসেৱক সকলৰ তৰফৰ এতিয়ালৈ ১৪,৫৫০ জন লোক বানপানীৰ কবলৰ পৰা নিৰাপদ ঠাইলৈ স্থানান্ত কৰা বুলি জানিব গৈছে। বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হোৱা জিলা সমূহত মুঠ ২৭০ খন আশ্ৰয় শিবিৰ খোলা দেখা গৈছে লগতে ২৪০ খন সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰি হৈছে। অসম চৰকাৰৰ তৰফৰ জানিবলৈ দিয়া মতে মুঠ ৪৯,৪০০ গৰাকী লোকে সাহায্য শিবিৰ আশ্ৰয় লোৱা বুলি প্ৰকাশ কৰে।

।।বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যোৱা ১৫ ৰাষ্ট্ৰীয় ঘাইপথ জলমগ্নৰ বাবে।।
এইফালে তিনি দিন পূৰ্বে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যোৱা মুল পথ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ঠাই ঠাই জলমগ্ন হৈ পৰে। জলমগ্ন হোৱাৰ বাবে যোৱাকালিৰ পৰা দৰং জিলা তথা শোণিতপুৰ লগতে উজনি অসমৰ লগতে নামনি অসমৰ যাতায়াত বন্ধ হৈ পৰিছে। উক্ত জিলা কেইখনৰ যাতায়াত বন্ধ হোৱাৰ বাবে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈ যোৱা একমাত্ৰ পথ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো বাইহাটা চাৰিআলিৰ পৰা শ শ পাঞ্জাৱবডী তথা মালবাহী ট্ৰাক সমূহ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষুদ্ৰপলহা, ভোমোলাহাটী, বেজেৰা, শালমাৰা ডুমনীচকি আৰু খান্দাজানলৈ দহ শতাধিক মালবাহী ট্ৰাক সমূহে মুল পথটোৰ প্ৰায় ১৫ কিলোমিটাৰ লানি পাতি থকা দেখা যায়। উক্ত মালবাহী ট্ৰাক সমূহ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা বুলি জানিবলৈ দিয়ে দিল্লী, মুম্বাই তথা কলকাতা আদিৰ পৰা উজনি অসমলৈ ৰাওনা হোৱা চয়চকীয়া, দহচকীয়া, বাৰচকীয়া লগতে ষোল্লচকীয়া আৰু ওঠৰচকীয়া ট্ৰেইলৰ সমূহ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ ওপৰত আবদ্ধ হৈ আছে দুদিন ধৰি। উক্ত ট্ৰাক সমূহ আবদ্ধ হৈ থকাৰ বাবে ড্ৰাইভাৰ হেণ্ডেলমেন্ট সকলোৰ হাহাকাৰ অৱস্থা হোৱা দেখা গৈছে। উক্ত পথটোৰে সৰু সৰু গাড়ী যাতায়াত কৰাতো বহুতে অসুবিধা সন্মুখীন হ’ব লগা হৈছে।