1 C
Munich
Monday, December 5, 2022

শাসক দলৰ বিধায়ক গৰাকীৰ কি কাণ্ডই সমগ্ৰ ৰাজ্যৰ সাধাৰণ ৰাইজৰ ৰোষত কিয় পৰিল? বিধায়ক গৰাকীক কিয় ধিক্কাৰ পাত্ৰ হ’ল?

Must read

শাসকীয় দলৰ বিধায়ক শিবু মিশ্ৰ সাংবাদিকৰ বোকোচাত উঠিহে বানাকাৰ্ন্ত সকলৰ পৰিস্থিতি বুজ ললে।

সমষ্টিৰ ৰাইজে বানপানীৰ বাবে ভোখত ককবকাই আছে সমষ্টিটোৰ বিধায়কৰ এই কাণ্ড বানাকান্ত্ৰৰ বুজ ল’বলৈ গৈ সাংবাদিকৰ বোকাচাত উঠি পৰিস্থিতি বুজ ললে

Todaytak news:- আজি কিছু দিনৰ পৰা দেশৰ বিভিন্ন ৰাজ্যত বৃষ্টিপাত হৈ থকা দেখা গৈছে। ৰাজ্যৰ বিভিন্ন জিলাত বৰষুণৰ বাবে চৌদিশে পানীৰে আৱৰি ধৰিছে। ৰাস্তা ঘাট পুখুৰী সকলো চিন চাপ নোহোৱা হৈছে। বিগত কিছুদিন আগতে বৃষ্টিপাত আৰম্ভণি হোৱাৰ পিছত বৰ্তমানলৈকে বৃষ্টিপাত চলি আছে অসমত। বাৰিষাৰ বানত এতিয়া ডুবি গৈছে অসম। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পানীৰ বাবে নাইকীয়া হৈছে ৰাস্ত-ঘাট, ঘৰ-বাৰী, ব্যৱসায়-বাণিজ্য লগতে ধুই নিছে হেঁপাহৰ খেতিপথাৰ সমূহ। প্ৰত্যেক বাৰিষাৰ সময়ত বানপানীয়ে অসমৰ বহু কেইখন জিলাক স্কুল-কলেজ সকলো বন্ধ কৰি পেলাই।

।।বিজেপি বিধায়ক গৰাকীৰ এনে কাৰ্যৰ বাবে সকলো বিধায়কে হাহিৰ পাত্ৰ হোৱা দেখা গৈছে।।

বানৰ এনে সংহাৰী ৰূপৰ বাবে সৰু-বৰ জলবিদ্যুৎ প্ৰকল্প সমূহক জগৰীয়া কৰি পুনৰ সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। ডিমা হাচাও হওক বা লখিমপুৰ-ধেমাজি, এই সকলোতে বানৰ প্ৰকৃত কাৰণ জলবিদ্যুৎ প্ৰকল্প সমূহ বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে সাধাৰণ জনতাক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহ্বান জনায় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক গৰাকী কয় যে, মৰণপণ যুঁজ দি হ’লে এনে জলবিদ্যুৎ প্ৰকল্পসমূহ অসমৰ ৰাইজে বন্ধ কৰিব লাগিব বুলি মন্তব্য কৰি অখিল গগৈয়ে কয় যে ৰঙানদী জলবিদ্যুৎ প্ৰকল্প, উমৰাংছু জলবিদ্যুৎ প্ৰকল্প, কপিলী প্ৰকল্পৰ দৰে সৰু সৰু প্ৰকল্পই লখিমপুৰ ধেমাজিৰ দৰে জিলাক বানৰ কবলত পেলাইছে। নিৰ্বাচনৰ সময়ত দল সমূহে বানপানী সমস্যা সমাধান কৰিম বুলি ৰাইজক প্ৰতিস্থিতি দি ভোট লয়। ৰাইজে বানপানীৰ পৰা পৰিত্ৰাণ পাব বুলি হিল দুল ভাঙি ৰ’দ বতাহক আওকাণ কৰি ভোট প্ৰদান কৰে। বিধায়ক আৰু মন্ত্ৰী হোৱাৰ পিছত প্ৰতিস্থিতি সমূহ প্ৰতিস্থিতি হিচাপে থাকি যায়। বান পানীত সাধাৰণ জনতাই ককবকাই থাকে খাবলৈ নাথাকে একো বিধায়কে বানাকাক্ৰান্ত সকলৰ ওচৰত আহি সহায় কৰিব বুলি আশা কৰি অপেক্ষা কৰি থাকে। কিন্তু ৰাইজৰ ধনেৰে সকলো সুবিধা পোৱা নেতা সকলে বিলাসী গাড়ী লৈ সমষ্টিৰ বানপানী পৰিদৰ্শন কৰে আনকি ভৰিত বোকা লাগিব বুলি পানীৰ বাবে খাবলৈ নোপোৱা ভোখত ককবকাই থকা জনতাই বিধায়কৰ ওচৰত যায় সহায় পাব বুলি। আজি লামডিঙৰ বিজেপি বিধায়ক শিবু মিশ্ৰ সমষ্টিত বানপানী পৰিদৰ্শন কৰিবলৈ যায় দামী পোছাক, দামী জোতা পিন্ধি ভোকে-পিয়াহে থকা বন্যাৰ্তৰ খবৰ ল’বলৈ গৈছে বিধায়কগৰাকীয়ে। আৰু সেই সময়তে তেওঁ সংঘটিত কৰিছে এক লজ্জাজনক কাণ্ড! দামী জোতাত বোকা লাগিব বুলি বিধায়কগৰাকীয়ে এগৰাকী সাংবাদিকৰ বোকোচাত উঠিয়েই নাওখনলৈও যায়। বিধায়ক গৰাকীৰ ভিডিঅ’ সমগ্ৰ ৰাজ্যতে ভাইৰেল হোৱাৰ পিছত শিবু মিশ্ৰই প্ৰতিক্ৰিয়া দিয়ে তেওৰ হেনো গা বেয়া তাৰ বাবে হে বোকাচাত উঠি নাওলৈ গৈছে। বিধায়ক গৰাকীৰ এনে মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে হাহিৰ পাত্ৰ হোৱা দেখা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article