17.3 C
Munich
Wednesday, August 10, 2022

সাধাৰণ ৰাইজৰ প্ৰশ্ন চৰকাৰলৈ? চৰকাৰে স্মাৰ্ট চিটি কেনেকৈ বনাব এজাক বৰষুণে সমগ্ৰ মহানগৰত পানীৰে আৱৰি ধৰে।

Must read

গুৱাহাটী মহানগৰ এজাক বৰষুণতে পানীৰে ভৰি যায়।

প্ৰবল বৃষ্টিপাতৰ বাবে মহানগৰৰ বিভিন্ন প্ৰান্তে প্ৰান্তে পানীৰে আৱৰি ধৰিছে ৰাস্তা, ঘৰ তথা দোকান পোহৰ

অসম তথা উত্তৰ-পূব অঞ্চলক প্ৰবল বৃষ্টিপাতে আৱৰি ধৰিছে বতৰ বিজ্ঞানীসকলৰ সৰ্তকবাণী

Todaytak news :- যোৱা ১০ মে’ত সৃষ্টি হোৱা সাগৰীয় ধুমুহা অছানিয়ে অন্ধ্রপ্রদেশ, ওড়িশা আৰু পশ্চিমবংগ দেশ বাংলাদেশৰ সাগৰীয় উপকূলত ঠাই বিশেষে কম-বেছি পৰিমাণে ধ্বংসলীলা চলোৱাৰ পাছত সম্প্রতি দুর্বল হৈ পৰিছে। উল্লেখ্য যে ইয়াৰ বাংলাদেশ তথা পশ্চিমবঙ্গৰ লগতে বিগত চাৰি-পাচ দিন ধৰি অসম আৰু মেঘালয় তথা উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্যতে আকাশ ডাৱৰীয়া হৈ আছে দিনৰ পোহৰতো আন্ধাৰ হ’ব ধৰিছে মানুহে দিনৰ পোহৰত লাইট জ্বলাব লগা অৱস্থা। আনকি বিগত তিনি দিন ধৰি অসমৰ জিলা সমূহত গাজনি, ঢেৰেকনীৰ সৈতে প্রবল বৃষ্টিপাত হৈছে। মহানগৰত ৰাস্তা ঘাট চিনি নোপোৱা হৈছে। সমগ্ৰ পথতে বৰুষণত দুব গৈ আছে। সাধাৰণ জনতাই কল গছৰ নাও বনাই লৈ প্ৰাণ ৰক্ষা কৰিছে। এইফালে কামৰূপ জিলাৰ গুৱাহাটী মহানগৰীৰ বেলতলা চাৰিআলি, ৰূপমণি, দিশপুৰ, জো-ৰোড তথা চান্দমাৰী, গুৱাহাটী ক্লাব লগতে আৰু মহানগৰৰ অন্য অন্য ঠাইত পানীৰে বুলি আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই প্ৰবল বৃষ্টিপাত অহা ১৮ মে’ পর্যন্ত বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিব দিয়ে।

।।ক্ষোভ চৰকাৰৰ প্ৰতি সাধাৰণ ৰাইজৰ।।

প্ৰবল বৃষ্টিপাতে অসমৰ মহানগৰ তথা দ ঠাইসমূহ সকলো ঠাইতে জলমগ্ন হৈ পৰিছে। আনহাতে প্ৰৱল বৰষুণৰ ফলত বানপানীৰ আশংকা কৰি নৈপৰীয়া অঞ্চলত বাস কৰা লোকসকল শংকিত হৈ পৰিছে। আশ্চৰ্য কথা এয়ে যে এজাক বৰষুণতে মহানগৰী পানীৰে আৱৰি পৰে যদি বতৰ বিজ্ঞানীসকলে জাৰি কৰা জাননী মতে ১৮ মে’ লৈ একেৰাহে বৰুষণ দি থাকে মহানগৰীত বাস কৰি থকা সকলো মানুহৰ ঘৰে ঘৰে পানীৰে ভৰি নকৰিব তাৰ মানে কম। কোভিডৰ ত্ৰাসে সাধাৰণ ৰাইজক উপাৰ্জন বন্ধ কৰি দিয়া পৰিলক্ষিত হৈছিল প্ৰায় দুবছৰ ধৰি সাধাৰণ ৰাইজে ঘৰৰ ভিতৰত থাকি জীৱন নিৰ্বাহ কৰা দেখা গৈছিল। কোভিডৰ পৰা পৰিত্ৰাণ পাবলৈ এবছৰ নোহোৱাতে আকৌ পুনৰ কোভিডত ২৪ ঘন্টাৰ ভিতৰতে ২৮৪১ জন আক্ৰান্ত হোৱা দেখা গৈছে। প্ৰতিদিনে কৰণাত আক্ৰান্ত হাৰ বৃদ্ধি হোৱাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ লগত এক ভিডিঅ’ যোগে ৰাজ্যৰ কোভিডৰ পৰিস্থিতিৰ বোজ লোৱা দেখা গৈছিল। বৰ্তমান বৃষ্টিপাতে সমগ্ৰ ভাৰতৰ বহুকেইখন ৰাজ্যত পানীৰে আৱৰি ধৰিছে গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইত দোকানত পানীৰে ডুবি গৈছে। যদি বতৰ বিজ্ঞানীসকলে জাননী মতে ১৮ তাৰিখে একেধৰণে বৃষ্টিপাত হৈ থাকে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰে গুৱাহাটী মহানগৰীক আৱৰি ধৰিব তাৰ বাবে জলপৰিবহণ বিভাগে চিন্তিত হোৱা দেখা গৈছে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article