1 C
Munich
Monday, December 5, 2022

Assam govt notification

Must read

অসম চৰকাৰৰ বৃহৎ ঘোষণা ঘৰ-ফ্লেট কিনা-বেচাৰ বাবে জিলা উপায়ুক্তৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই।

আজিৰে পৰা ফ্লেট ক্ৰয়-বিক্ৰিৰ বাবে জিলা উপায়ুক্তৰ পৰা ল’ব নালাগে অনুমতি এনঅ’চি। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে ৰাজ্য চৰকাৰৰ এই নিৰ্দেশনা ৰাজহুৱা কৰিছে। হিমন্ত জনোৱা মতে, বাণিজ্যিক ফ্লেট ক্ৰয়-বিক্ৰয়ৰ বাবেও এতিয়াৰে পৰা উপায়ুক্তৰ পৰা এনঅ’চি লোৱাৰ প্ৰয়োজন নাই। অসম চৰকাৰে প্ৰশাসনিক জৰিয়তে আইন সংশোধন কৰি এই নিৰ্দেশনা প্ৰদান কৰিছে বুলি ‌জানিব পৰা গৈছে। অসম চৰকাৰে এই নিৰ্দেশনাই ফ্লেট ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়াটো ৰাইজৰ সহজ কৰিছে। মুখ্যমন্ত্ৰী টুইটযোগে- প্ৰশাসনিক সংস্কাৰক অধিক উৎসাহিত কৰি, অসম চৰকাৰে ঘৰ, ফ্লেট, আৱাসিক এপাৰ্টমেণ্ট, বাণিজ্যিক ভৱন আদি স্থানান্তৰ/লীজৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে পঞ্জীয়ন আইনৰ ধাৰা ২১এ সংশোধন কৰিছে। যাৰ বাবে এতিয়াৰ পৰা উপায়ুক্তৰ পৰা কোনো এনঅ’চি লোৱাৰ প্ৰয়োজন নহ’ব বুলি স্পষ্ট কৰি দিছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article