14.3 C
Munich
Thursday, August 11, 2022

নিবনুৱাসকলৰ বাবে ভাল খবৰ, অসম আৰক্ষীত বৃহৎ নিযুক্তি…

Must read

ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱটিৰ বাবে ভাল খবৰ, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত চৰকাৰৰ অসম আৰক্ষীত বৃহৎ নিযুক্তি। অসম আৰক্ষীৰ কনিষ্টবল পদৰ বাবে মুঠ ৪৭০ টা পদ মুকলি দিয়া হৈছে, যোৱাকালিৰ পৰা আৰম্ভ হৈছে অসম আৰক্ষীৰ কনিষ্টবল আবেদন প্ৰক্ৰিয়া। অসম আৰক্ষী কনিষ্টবলৰ পদৰ যিবিলাক যুৱক যুৱটি আগ্ৰহী সকলো যুৱক যুৱটি সকলে অনলাইনযোগে কৰিব লাগিব আবেদন, উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ উত্তীৰ্ণসকলে অসম আৰক্ষীৰ কনিষ্টবল পদত আবেদন কৰিব পাৰিব।
https://police.assam.gov.in অথবা https://apcap.in/reg-inst/page জৰিয়তে অনলাইযোগে আবেদন কৰিব পাৰিব। অসম আৰক্ষী কনিষ্টবল পদয় আবেদন পত্ৰ জমা দিয়াৰ শেষ তাৰিখ অহা ১৭ মাৰ্চ ২০২২। পদসমূহৰ সবিশেষ তলত দিয়া ধৰণৰঃ

১. কনিষ্টবল (WO/WT/OPR)
পদৰ সংখ্যা : ৪৪১ টা

অসংৰক্ষিত : ৩১২ পদ
OBC/MOBC: ৯০ পদ
SC: ২১ পদ
ST (ভৈয়াম): ১৬ পদ
ST (পাৰ্বত্য): ০২ পদ
শিক্ষাগত অৰ্হতা: ১০+২ (বিজ্ঞান) কোনো স্বীকৃতি প্ৰাপ্ত ব’ৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত (পিচিএম)ৰ সৈতে উত্তীৰ্ণ হ’ব লাগিব। লগতে ১০+২ (বিজ্ঞান) পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতত (পিচিএম) উত্তীৰ্ণ নম্বৰ থাকিব লাগিব। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৬,২০০/- অন্যান্য এডজাষ্টেবল এলাউঞ্চ।

২. কনিষ্টবল (UB)
পদৰ সংখ্যা: ০২ টা

অসংৰক্ষিত : ০১টা পদ
OBC/MOBC: ০১টা পদ

শিক্ষাগত অৰ্হতা: স্বীকৃতি প্ৰাপ্ত ব’ৰ্ডৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হব লাগিব। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৫,৬০০/- আৰু অন্যান্য এডজাষ্টেবল এলাউঞ্চ।

৩. কনিষ্টবল (Messenger)
পদৰ সংখ্যা – ১৪ টা

অসংৰক্ষিত: ০৬ পদ
OBC/MOBC: ০৬ পদ
SC: ০১ পদ
ST (ভৈয়াম): ০১ পদ

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উত্তীৰ্ণ হ’ব লাগিব লগতে এলএমভি, এমএমভি আৰু এইচএমভি আদিৰ বাবে বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।। পে স্কেল: ১৪,০০০-৬০,৫০০/- (পে বেণ্ড ২), গ্ৰেড পেৰ সৈতে। ৫,২০০/- আৰু অন্যান্য এডজাষ্টেবল।

৪. কনিষ্টবল (Carpenter)
পদৰ সংখ্যা: ০৩ টা

অসংৰক্ষিত : ০২ পদ
SC : ০১ পদ

শিক্ষাগত অৰ্হতা: HSLC বা সমতুল্য পৰীক্ষাত কোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা উত্তীৰ্ণ হব লাগিব আৰু বাণিজ্য শাখাৰ পাঠ্যক্ৰমত নিৰ্ধাৰিত আই.টি.আই. ৰ পৰীক্ষাত উত্তীৰ্ণ হব লাগিব। পে স্কেল: ১৪,৫০০-৬০,৫০০/- টকা (পে বেণ্ড ২), ৫,২০০/- টকাৰ গ্ৰেড পে উপলব্ধ হব৷

৫. কনিষ্টবল (Dispatch Rider)
পদৰ সংখ্যা : ১০ পদ

অসংৰক্ষিত : ০৪ পদ
OBC/MOBC: ০২ পদ
SC: ০১ পদ
ST (ভৈয়াম): ০২ পদ
ST (পাৰ্বত্য): ০১ পদ

শিক্ষাগত অৰ্হতা: স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা এইচএছএলচি ত উত্তীৰ্ণ হব লাগিব, এলএমভি, এমএমভি আৰু এইচএমভি বাবে বৈধ ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব।
পে স্কেল: ১৪,০০০-৬০,৫০০/- টকা (পে বেণ্ড ২), ৫,২০০/- টকাৰ গ্ৰেড পে আৰু অন্যান্য গ্ৰহণযোগ্য ভাট্টাৰ থাকিব। সকলো উচ্চতৰ শিক্ষা থকা সকলো যুৱকে আবেদন কৰক অনলাইন যোগে।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article