

হোলীৰ দিনা মহানগৰ গুৱাহাটীত আৰক্ষীৰ দাদাগিৰি
হোলীৰ দিনা মহানগৰ গুৱাহাটীত আৰক্ষীৰ দাদাগিৰি

Todaytak: কামৰূপ মহানগৰত আৰক্ষীৰ দপদপনিত ৰাইজে অতিষ্ঠ আৰক্ষীয়ে দাদাগিৰি প্ৰহাৰত গুৰুতত ভাবে আঘাতপ্ৰাপ্ত বিকি গুপ্তাৰ কণমানি সন্তান, বিকি গুপ্তাৰ পত্নীয়ে বিচাৰিলে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ পল্টনবজাৰ থানাৰ যানবাহন আৰক্ষীৰ দায়িত্ব থকা ফকৰুদ্দিন আহমেদক চাকৰিৰ পৰা নিলম্বন। আৰক্ষী জনে কণমানি সন্তান আৰু পত্নীৰ সন্মুখতে প্ৰহাৰ কৰিছিল বাইক আৰোহীক বিকি গুপ্তাক। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত দিন দুপৰীয়া এই সংঘটিত হৈছিল এই ঘটনা। হোলিৰ দিনাই সংঘটিত হৈছিল এই ঘটনা। ভুল পথেৰে বাইক চলাই অহাৰ বাবেই বাইক আৰোহী বিকি গুপ্তাক প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবল জনে। জানিব পৰা মতে অকলে ফকৰুদ্দিন আহমেদেই নহয়, একাংশ আৰক্ষীয়ে একেলগে প্ৰহাৰ কৰিছিল বিকি গুপ্তা নামৰ বাইক আৰোহীজনক। ঘটনাৰ ২৪ ঘন্টাৰ পিছতো অভিযুক্ত আৰক্ষী কনিষ্টবল ফকৰুদ্দিন আহমেদ আৰু যিসকল আৰক্ষীয়ে ঘটনাটো কৰিছিল এই প্ৰান্ত এজনো আৰক্ষীক গ্ৰেপ্তাৰ কৰা নাই অসম আৰক্ষীয়ে। বিকিৰ পত্নীৰ অভিযোগ ৰাস্তাত পুলিচৰ গুন্দাগিৰি চলাৰ অভিযোগ। লগতে বিষয়টোত বিকি পত্নীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো হস্তক্ষেপ বিচাৰিলে মহিলাগৰাকীয়ে। বিকি গুপ্তাৰ পত্নীয়ে অভিযোগ দাখিল কৰিব যোৱাৰ যোৱাৰ সময়ত আৰক্ষীয়ে দিছিল বিভিন্ন ধৰণৰ ভয়-ভাবুকি।আৰক্ষীৰ ওপৰত গোচৰ দিলে আৰক্ষীৰ বেইল হ’ব। বিকি গুপ্তাৰ জেইল হ’ব। লগতে ফকৰুদ্দিন আহমেদৰ বিৰুদ্ধে গোচৰ দিলে একো লাভ নহ’ব বুলিও আৰক্ষীয়ে কোৱাৰ অভিযোগ কৰে পুনম দাস নামৰ মহিলাগৰাকীয়ে। ইফালে আৰক্ষীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হৈছে বিকি গুপ্তাৰ কণমানি সন্তানো। অশ্লীল গালি-গালাজ কৰাৰো অভিযোগ পুনম দাসৰ। এতিয়া অভিযুক্ত ফকৰুদ্দিন আহমেদক উচিত শাস্তি দিবলৈ আহ্বান মুখ্যমন্ত্ৰীক।
শনিবাৰে কেন্দ্ৰীয় কাৰাগাৰত থকা বিকি গুপ্তাৰ খবৰ ল’বলৈ গৈছিল পত্নী পুনম দাস। কিন্তু কোভিডৰ দোহাই দি কাৰাগাৰত বিকিক লগ কৰিবলৈ নিদিলে কৰ্তৃপক্ষই। এইফালে ৰাজ্যত হোলীৰ দিনা ল’ৰা ছোৱালী ভিডিঅ’ দেখি ৰাইজে হতভম্ব। এনেকুৱা কৰি ডেকা ডেকা যুৱক যুৱটি এই দৰে হোলিৰ নামত ফাকুৱা খেলাটো ভাল কথা নে