প্ৰেমে যে কোনো বাধাক নামানে এয়াই প্ৰমাণ কৰিলে ৰাজ্যৰ নলবাৰী জিলাত।সুদূৰ ছুইডেনৰ পৰা আহি নলবাৰীৰ বোৱাৰী হ’ল এলিভিয়া

Todaytak:- সত্য প্ৰেমৰ আগত কোনো ধুমুহাই বাধা দি ৰাখিব নোৱাৰে সেইয়া প্ৰমাণ কৰিলে সুদূৰ ছুইডেনৰ পৰা আহি ৰাজ্যৰ নলবাৰী জিলাত উপস্থিত হ’ল প্ৰেমিকৰ ঘৰত। কিছুদিন পূৰ্বে বানপানীয়ে নলবাৰী জিলাত পানীত ডুবাই থোৱাৰ পিছত বানেধোৱা নলবাৰীত এখন ব্যতিক্ৰমী বিবাহ উপস্থিত হ’ল। বানে বিধস্ত কৰি পেলোৱা নলবাৰী জিলাৰ গোৱৰাদল গাঁৱত উখল-মাখল পৰিৱেশ। কাৰণ কইনা হৈছে সাত সাগৰ তেৰ নদী সিপাৰৰ সুদূৰ ছুইডেনৰ। ছুইডেনৰ জীয়ৰী এলিভিয়াই স্বামী কৰিলে নলবাৰীৰ দ্বীপেন নামৰ যুৱক। বিপাহ-পাশত আবদ্ধ হোৱা দুয়োজনৰ চিনাকি চচিয়েল মিডিয়াৰ ফেচবুকৰ জৰিয়তে চিনাকি হৈছিল। দুয়োজনে ভাল বন্ধু হ’ল তাৰ পিছত দুয়োজনৰ মাজত প্ৰেম গঢ়িল প্ৰেমত মুগ্ধ হৈ সুদূৰ ছুইডেনৰ পৰা আহি অসমৰ নলবাৰী জিলাৰ গোৱৰাদলৰ বোৱাৰী হ’ল এলিভিয়া। সম্পূৰ্ণ অসমীয়া ৰীতি-নীতিৰ মাজেৰে দুয়ো আবদ্ধ হ’ল বিবাহপাশত।
কৰ্মসূত্ৰে দিল্লীত থকা গোৱৰাদলৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ বিবাহ চাবলৈ ভিৰ কৰে অলেখসংখ্যক লোক। আয়তীৰ উৰুলিৰ মাজেৰে মাহ-হালধিৰে গা ধুওৱাৰ পিছত দুয়োজনে ধর্মীয় ৰীতি-নীতিৰ মাজেৰে যুগ্মজীৱনৰ আৰম্ভ কৰে।
প্ৰেম হয়তো এনেকুৱাই, সকলো বাধাৰ প্ৰাচীৰ ভাঙি শেষত সদায়েই যেন জয় হয় প্ৰেমৰ। নলবাৰীৰ দ্বীপেন আৰু ছুইডেনৰ এলিভিয়াৰ ক্ষেত্ৰতো যেন তেনেকুৱাই হ’ল। দুয়োৰে বিবাহ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে চৰ্চিত। লগতে সংবাদ মাধ্যমতো প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে।