ট্ৰাকৰ খুন্দাত থিতাতে মৃত্যু কৰুণা ডেকা।

Todaytak :- অতিকৈ ভয়ানক দুৰ্ঘটনা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথথ তীব্ৰেবেগী ট্ৰাকে মহতিয়াই দৰং জিলাৰ ছিপাঝাৰৰ আৰক্ষী চকীৰ অন্তৰ্গত ছিপাঝাৰ মটৰ ষ্টেচনৰ সন্মুখত বাইক আৰোহী আৰু ট্ৰাকৰ মাজত তীব্ৰ গতিত খুন্দাত বাইক আৰোহী জনৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে দুৰ্ঘটনাত থিতাতে নিহত হোৱা লোক জনৰ নাম কৰুণা ডেকা। উল্লেখ্য যে বাইক আৰোহীজনক প্ৰথমে মেজিক এখনে খুন্দিয়াই৷ মেজিকৰ খুন্দাত চিটিকি গৈ তীব্ৰবেগী ট্ৰাকৰ তলত সোমাই পৰে যুৱকজন৷ ঘটনা সংঘটিত কৰি মেজিকখনৰ পলায়ন কৰে৷ ইতিমধ্যে ছিপাঝাৰ আৰক্ষীয়ে জব্দ কৰে AS12E–1992 নম্বৰৰ ট্ৰাকখন।যুৱকজনে ব্যৱহাৰ কৰা বাইকখনৰ নম্বৰ –AS01EB-8576. দৰং জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ছিপাঝাৰ চকত দীৰ্ঘ দিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথতে জধে মধে মেজিক সমুহ ৰখাই থয় মেজিক বিলাকৰ ভুলৰ বাবে আজি এই দূৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য কৰে। আজি কৰুণা ডেকা দুৰ্ঘটনাত মৃত্যু হব লগা হয়।