-1.9 C
Munich
Sunday, November 27, 2022

নগাঁও জিলা উপায়ুক্তক ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Must read

অসমৰ হিমন্ত বিশ্ব শৰ্মা খঙত অগ্নিশৰ্মা। ৰাজপথতে নগাঁও উপায়ুক্ত ধমক যোৱা শনিবাৰে বহুকেইটা কাৰ্যসূচীৰে নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী। ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ বাবে যান-বাহন বন্ধ কৰি থোৱাৰ বাবে গাড়ীত থকা সাধাৰণ ৰাইজৰ অতিষ্ঠ হোৱা পৰিলক্ষিত দেখি হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী অধীক্ষক ‌মাতিবলৈ অনুমতি দিয়াৰ পিছতে জিলা উপায়ুক্ত আহি মুখ্যমন্ত্ৰী শৰ্মাৰ সন্মুখত থিয় হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাই ধমক দিলে নগাঁৱৰ জিলা উপায়ুক্ত মহোদয়ক। মুখ্যমন্ত্ৰী শৰ্মাই ৰাজপথেৰে কোনো ৰজা-মহাৰজা আহিছে নেকি জিলা উপায়ুক্তক প্ৰশ্ন কৰি শীঘ্ৰে যান-জঁট মুকলি কৰি দিবৰ উপায়ুক্তক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয়- ‘ডিচি চাহাব য়ে ক্যা নাটক হুৱা হে….কিউ গাড়ী ৰুকৱায়া হ্যে…কোয়ি ৰাজা-মহাৰাজা আয়া হ্যে ক্যা?’ উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কনভয়ত থকা বাহনৰ সংখ্যা হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত যি উদ্দেশ্যেৰে নগাঁৱত উপস্থিত হৈছিল সকলোবোৰ কাৰ্যসূচীত ভাগ লয়।

Assam chif minister

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article