21.2 C
Munich
Wednesday, August 17, 2022

শ্বাহৰুখ খানৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা অফিচাৰৰ পাঙ্গা পৰিল ভাৰি।

Must read

শ্বাহৰুখ খানৰ পুত্ৰক ভূৱা গোচৰ তৰাই গ্ৰেপ্তাৰ 

     কৰা সমীৰ ৱাংখেৰৰ পাঙ্গা ভাৰি পৰিল।
Bollywood news
বলিউডৰ বাচ্ছাক শ্বাহৰুখ খানৰ ডাঙৰ পুত্ৰক আৰিয়ানক জোকাই লোৱা সমীৰ ৱাংখেৰেৰ থৰকা চুটি হেৰাই দিছে। আৰিয়ানক টাৰ্গেত কৰি শ্বাহৰুখ খানক বৰবাদ কৰিবলৈ চেস্তা কৰা সমীৰ ৱাংখেৰে এনচিবি অফিচাৰৰ পৰা বিদায়। যেন বাঘৰৰ নেগুৰেৰে কাণ খজুৱাবলৈহে গৈছিল সমীৰ ৱাংখেৰেৰ। বাচ্ছাৰ পুত্ৰক আৰিয়ান খানক ভুৱা ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ কৰি বিশ্বতে তোলপাৰ লগাইছিল সমীৰ ৱাংখেৰেই। পিছে চিকাৰী এইবাৰ নিজেই বন্দী হ’ল বিভিন্ন ধৰণৰ অভিযোগৰ জালত। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্ত চলি থকাৰ লগতে তেওঁক এই গোচৰৰ পৰা আতৰাই দিয়া হ’ল।
কিন্তু ইমানতে শেষ হোৱা নাই সমীৰ ৱাংখেৰেৰ বিপদ। এইবাৰ এনচিবিৰপৰা বিদায় দিবলৈ লোৱা হৈছে সমীৰ ৱাংখেৰেক। অহা ৩১ ডিচেম্বৰত সমীৰ ৱাংখেৰেৰ এনচিবিৰ সৈতে সম্পৰ্কৰ শেষ হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। সমীৰ ৱাংখেৰেই ২০২০চনৰ ছেপ্টেম্বৰ মাহৰ পৰা নাৰ্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰোত ডেপুটেচনত আছিল। শেহতীয়াকৈ তেওঁ মুম্বাইৰ জ’নেল ডাইৰেক্টৰ হিচাপে কাম কৰি আছিল।
উল্লেখ্য যে, প্ৰায় আৰিয়ান খান এমাহকাল বন্দী জীৱন কটোৱাৰ পাছত অক্টোবৰ মাহৰ শেষভাগত মুক্ত কৰি দিছিল আদালতৰ তৰফৰ পৰা। কিন্তু এইবাৰ বিপদে খেদিছে এই ঘটনাৰ মূল কাণ্ডাৰী সমীৰ ৱাংখেৰেক। আৰিয়ানক গ্ৰেপ্তাৰৰ পাছতেই বিভিন্ন ধৰণৰ অভিযোগ উঠিছিল উক্ত বিষয়া জনৰ বিৰুদ্ধে।
সমীৰ ৱাংখেৰেৰ জাতিগত আৰু ধৰ্মীয় পৰিচয় সন্দৰ্ভতো বিভিন্ন বিস্ফোৰক অভিযোগ আনিছিল মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে। নৱাব মালিকে স্পষ্ট ভাবে সংবাদ মাধ্যমৰ আগত কয় পুৰ্বৰ পৰা উক্ত অফিচাৰ জনে বলিউডৰ কিছুমান তাৰকাক টাৰ্গেট কৰি লয়। কিন্তু এইবাৰ ভুল ঠাইত হাত দি তেওৰ কু-কান্দ ভাৰতবাসীৰ আগত ফাদিল হল।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article