-1.9 C
Munich
Sunday, November 27, 2022

শিক্ষক হ’বলৈ আশা কৰি থকা যুৱক সকলৰ বাবে ভাল খবৰ দিলে শিক্ষা বিভাগৰ তৰফৰ পৰা

Must read

TET EXam: অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগ শিক্ষা। আকৌ টেট পৰীক্ষা পাতিবলৈ সাজু শিক্ষা বিভাগ।

অসম চৰকাৰৰ শিক্ষা বিভাগে টেট পৰীক্ষা পাতিবলৈ সাজু। কম সময়ৰ ভিতৰত নতুনকৈ নিযুক্তি লাভ কৰিব ২২ হাজাৰ শিক্ষকে। যোৱা বৃহস্পতিবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দিলে শিক্ষক হ’বলৈ অপেক্ষা কৰি থকা যুৱক-যুৱতি সকলক ভাল খবৰ। শীঘ্ৰে ৰাজ্য চৰকাৰে নিযুক্তি দিব ২২ হাজাৰ নতুন শিক্ষকক। অসম চৰকাৰৰ শিক্ষা বিভাগে ২০২২ বৰ্ষৰ শিক্ষাৰ অন্ত:গাঁথনিৰ বাবে শিক্ষা বিভাগে লাভ কৰিব প্ৰায় দুই হাজাৰ কোটি টকা। এই কথা শিক্ষামন্ত্ৰী পেগুৱে জানিবলৈ দিয়ে। ইফালে বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। একাংশ শিক্ষকৰ চাকৰি বছৰ ধৰি বছৰ কৰি থকাৰ পিছতো নিয়মীয়াকৰণ এই পৰ্যন্ত হোৱা নাই। টেট পৰীক্ষাত অৱতীৰ্ণ হবলৈ নাথাকিব বয়সৰ ক্ষেত্ৰত বিশেষ ৰেহাই। আনহাতে ২০২২ বৰ্ষত প্ৰাথমিক বিদ্যালয়সমূহৰ অন্ত:গাঁথনি শক্তিশালী কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে বিশেষ গুৰুত্ব দিব বুলি জনাইছে ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article