ভোগালী বিহুৰ কাৰণে সান্ধ্য আইনৰ নিয়মাৱলী সাল-সলনি কৰিলে ৰাজ্য চৰকাৰে। ভোগালী বিহুৰ উৰুকাৰ নিশা ১০ বজাৰ পৰিৱৰ্তে ১১ বজাত সান্ধ্য আইন আৰম্ভ হ’ব। বিপৰীতে পুৱা ৬ বজাৰ পৰিৱৰ্তে ৪ বজাত শেষ হ’ব সান্ধ্য আইন। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাবে সংবাদ মাধ্যমৰ আগত কয় যে ‘‘ভেলাঘৰত কোনোপধ্যে থাকিব দিয়া নহ’ব। কোভিড হ’লে অসমীয়া যুৱকৰ হ’ব। যিসকলে ভেলাঘৰত থকাৰ সমৰ্থন কৰে তেওঁলোক অসমবিৰোধী। ৩১ ডিচেম্বৰ, ১ জানুৱাৰী অসমীয়াই পালন কৰা নাছিল নেকি?’’ এইফালে দিনক দিনে কোভিড আক্ৰান্ত হাড় বাঢ়ি গৈছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে যদি কোভিডৰ কাৰণে মেডিকেলত বিচনাৰ সমস্যা হয় তেতিয়া হলে লকডাউন দিব।
