অসমৰ গৌৰৱ লাভলীনা ডিএছপি হিছাপে নিযুক্তি অসম চৰকাৰৰ তৰফৰ পৰা।
সমগ্ৰ বিশ্বতে ভাৰতৰ হৈ অলিম্পিক পদকজয়ী কৰি অনা অসম কন্যা লাভলীনা বৰগোহাঁইক অসম আৰক্ষীৰ ডিএছপি হিচাপে নিযুক্তি দিলে অসম চৰকাৰৰ তৰফৰ পৰা। দিছপুৰৰ জনতা ভৱনৰ মুখ্যমন্ত্ৰীৰ সভাকক্ষত লাভলীনাক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত। ইয়াৰ পূৰ্বে হিমা দাসকো অসম আৰক্ষীৰ ডিএছপি পদত নিযুক্তি দিছিল ৰাজ্য চৰকাৰে। লগতে ডিএছপি নিযুক্তি পোৱাৰ পিছত লাভলীনাৰ মাতৃ পিতৃ যথেষ্ট আনন্দিত হোৱা দেখা পৰিলক্ষিত হৈছে চচিয়েল মিডিয়াত। আৰু লাভলীনা ও অসমৰ হৈ নিস্বাৰ্থ ভাবে কাম কৰি যাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।