17.3 C
Munich
Wednesday, August 10, 2022

ভাৰতীয় Post Office-ৰ বাম্পাৰ স্কীম!১০ হাজাৰ টকা চেভিংচ কৰিলে ১৬ লাখ লাভ কৰিব।

Must read

ভাৰতীয় Post Office-ৰ বাম্পাৰ স্কীম!

১০ হাজাৰ টকা চেভিংচ কৰিলে ১৬ লাখ লাভ কৰিব।

দৰিদ্ৰ লোকৰ বাবে বৃহৎ অফাৰ সুৰক্ষিত ইনভেষ্টমেণ্ট আৰু সকলোতকৈ ভাল ৰিটাৰ্ণৰ বাবে পোষ্ট অফিচৰ স্কীম হৈছে আটাইতকৈ দৰিদ্ৰ লোকৰ বাবে ভাল অপশ্যন। পোষ্ট অফিচৰ স্মল চেভিংচ একাউণ্টৰ স্কীমত আপুনি নিচিন্ত কষ্টোপাৰ্জিত ধন ইনভেষ্ট কৰিব পাৰিব। লাভ কৰিব গ্যাৰেণ্টিড ৰিটাৰ্ণ। পোষ্ট অফিচৰ ৰেকাৰিং ডিপোজিত (Post Office Recurring Deposit)-এ ভাল ৰিটাৰ্ণ দিয়ে।

আৰডি স্কীম খুব সামান্য টকা ইনভেষ্ট কৰি আৰম্ভ কৰিব পাৰিব। প্ৰতি মাহে ১০০ টকা ইনভেষ্ট কৰি এই স্কীম লাভ কৰিব পাৰিব। সৰ্বোচ্চ যিমান ইচ্ছা সিমানেই ইনভেষ্ট কৰিব পাৰিব। ইয়াৰ কোনো লিমিট নাই। পোষ্ট অফিচৰ আৰডি একাউণ্ট ৫ বছৰৰ বাবে খোলা হয়। ইয়াতকৈ কম সময়ৰ বাবে ইনভেষ্ট কৰিব নোৱাৰি। প্ৰত্যেক ত্ৰিমাসিকত জমা টকাৰ ওপৰত সুতৰ ক্যেলকুলেট কৰা হয়। ইয়াৰ পিছত প্ৰত্যেক ত্ৰিমাসিকত আপোনাৰ কম্পাউণ্ড ইণ্টাৰেষ্ট যোগ কৰি দিয়া হয়। পোষ্ট অফিচত বৰ্তমান ৫.৮ শতাংশ হিচাপে সুত দিয়া হয়। প্ৰত্যেক তিনিমাহে ভাৰত চৰকাৰৰ তৰফৰ পৰা স্মল চেভিংচ স্কীমত সুতৰ হাৰ ঘোষণা কৰি থাকিব। আপুনি প্ৰতি মাহে পোষ্ট অফিচৰ আৰডিত ১০ বছৰৰ বাবে ১০ হাজাৰ টকাকৈ ইনভেষ্ট কৰিলে ম্যাচিউৰিটীত ১৬,২৬,৪৭৬ লাখ টকা লাভ কৰিব। কোনো মাহত টকা জমা নিদিলে দিব লাগিব জৰিমনা। টকা দিয়া দেৰি হ’লে প্ৰতিমাহে ১ শতাংশ জৰিমনা দিব লাগিব। ৪ মাহ একেৰাহে জমা দিব নোৱাৰিলে একাউণ্ট বন্ধ হৈ যাব।  একাউণ্ট বন্ধ হৈ গ’লে আগন্তুক দুমাহৰ ভিতৰত আকৌ এক্টিভ কৰিব পৰা যাব। Post Office বাম্পাৰ অফাৰ সকলোৱে গ্ৰহণ কৰক।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article