14.3 C
Munich
Thursday, August 11, 2022

ভাৰতবাসী লগতে অসমবাসী সাবধান হৈ থাকক আহি আছে ক’ভিডৰ ভেৰিয়েণ্ট: ভাৰত চৰকাৰে জাননী জাৰী কৰিছে।

Must read

ভাৰতবাসী লগতে অসমবাসী সাবধান হৈ থাকক আহি আছে ক’ভিডৰ ভেৰিয়েণ্ট: ভাৰত চৰকাৰে জাননী জাৰী কৰিছে। By Pritishri Bharadwaz- নৱেম্বৰ 29, 20210177 কৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতেই কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল সমগ্ৰ ভাৰতবাসীয়ে জ্ঞাত৷ যাৰ ফলত প্ৰায় ২ বছৰ ৬-৮ মাহে সম্পূৰ্ণ লকডাউন থাকিব লগা হৈছিল ভাৰতবাসীয়ে লগতে অসমত ও৷ চীন দেশৰ পৰা জন্ম লাভ কৰা মহামাৰী কৰ’নাই অতি সময়তেই সগ্ৰ বিশ্বকে চিন্তিত কৰিবলৈ সক্ষম হৈছিল৷

ইতিমধ্যেই কৰ’নাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৱত সমগ্ৰ বিশ্বতে আৰ্থিক ভাবে জৰুঙা কৰি পেলাইছে৷ অতিকৈ ঘাতকৰূপত দেখা গৈছে কৰ’নাৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ৷ নতুনকৈ উদ্ভৱ হোৱা বি.১.১.৫২৯ অমিক্ৰনে মনোক্ল’নেল এণ্টিব’ডী থেৰাপী বা ককটেল চিকিৎসাৰ প্ৰতি সঁহাৰি নিদিব পাৰে বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে৷ কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰই এই নতুন প্ৰকাৰৰ ভাইৰাছৰ সংক্ৰমণে পুনৰবাৰ লকডাউনৰ আশংকা সুচাইছে৷ যাৰফলত অতিমাৰী অমিক্ৰন সন্দৰ্ভত নতুন এছঅ’পি জাৰী কৰিছে ভাৰত চৰকাৰে৷ এছঅ’পি অনুসৰি, বিদেশৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীক ৰখা হ’ব স্বাস্থ্য বিভাগৰ নিৰীক্ষণত৷ কেন্দ্ৰীয় স্বাস্থ্য সচিবৰ নিৰ্দেশনামূলক পত্ৰ প্ৰতিখন ৰাজ্যলৈ প্ৰেৰণ কৰা হয় এই নতুন ক’ভিড নীতি৷ ভাৰতবৰ্ষৰ যিকোনো বিমান বন্দৰত RTPCRৰ কৰাটো বাধ্যতামূলক বিদেশৰ পৰা অহা যাত্ৰী সকলে৷ RTPCRৰ পৰীক্ষাৰ ফলাফল নোলোৱা পৰ্যান্তলৈ যাত্ৰী সকলে থাকিব লাগিব কোৱাৰেণ্টাইন চেন্টাৰত৷ বিদেশৰ পৰা অহা প্ৰতিটো যাত্ৰীয়ে দিব লাগিব যাত্ৰাৰ সবিশেষ পৰিচয় বিৱৰণ৷ ৯খনকৈ দেশক অমিক্ৰনৰ ক্ষেত্ৰত ‘শংকাপূৰ্ণ’ চিহ্নিত ভাৰতৰ বাবে৷ দঃ আফ্ৰিকা, ব্ৰিটেইন, অষ্ট্রেলিয়া, জার্মানী , ইজৰাইল, নেডাৰলেণ্ড চেক গণৰাজ্য, বটচোৱানা, হংকঙো আছে এই শংকাপূৰ্ণ তালিকাত৷ এই ৯ খন দেশৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত সৰ্বাধিক সতৰ্কতাবাণী জাৰী কৰিছে ভাৰতে৷ এই ভাইৰাছৰ লগত যুদ্ধ কৰিবলৈ ভাৰত চৰকাৰে বিশেষ গোট বনাইছে৷ চাৰ্ছ-কোভ-২-জেনমিক কন্সৰটিয়াম নামে গোট গঠন কৰা হয়৷ ভাৰত চৰকাৰে বৰ্তমানলৈ বন্ধ কৰি দিয়া নাই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সমূহ৷ আগুন্তক সময়ৰ-পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি ভাৰতে এই পদক্ষেপ গ্ৰহণ কৰিব বুলি অৱগত কৰিছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article