1 C
Munich
Monday, December 5, 2022

বাইহাটা চাৰিআলি গুৱাহাটী পথত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

Must read

স্বামী আৰু পত্নী বাইহাটা চাৰিআলি গুৱাহাটী       পথত ট্ৰাকৰ খুন্দাত থিতাতে নিহত স্বামী।

কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাংসাৰি আৰক্ষী থানাৰ অন্তৰ্গত বাইহাটা চাৰিআলি পিয়লিখাতা পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। দুৰ্ঘটনা সন্দৰ্ভত জানিব পৰা মতে, দিনৰ প্ৰায় ১.৩০ বজাত বাক্সা জিলাৰ তামোলপুৰৰ অতুল স্বৰ্গিয়াৰী আৰু তেওঁৰ পত্নীয়ে AS 25 S 7162 নম্বৰৰ স্কুটী বাহনেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰে গুৱাহাটী অভিমুখে গৈ আছিল। তেনে সময়ত একেটা দিশেৰে তীব্ৰ বেগত ট্ৰাক এখন আহি আছিল ট্ৰাক খনৰ নম্বৰ AS 01 AA 3957 নম্বৰৰ ট্ৰাক এখনৰ খুন্দাত বাইহাটা চাৰিআলি পিয়লিখাতা (তিনি আলিত) চকত স্কুটীসহ দুয়ো স্বামী পত্নী ছিটিকি পৰে। ফলত স্বামী অতুল স্বৰ্গিয়াৰীৰ মুৰৰ ওপৰেৰে তীব্ৰ গতিত অহা ট্ৰাকখনৰ চকা উঠি যোৱাত তেওঁৰ থিতাতে মৃত্যু হোৱাৰ উপৰি পত্নীও আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনাটো সংঘটিত কৰাৰ পিছতে ট্ৰাকখনৰ চালকে ট্ৰাক লৈ পলায়ন কৰে যদিও চাংসাৰি থানাৰ আৰক্ষীয়ে ট্ৰাক খন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে পিয়লিখাটা স্থানীয় লোকে ৰাষ্ট্ৰীয় ঘাইপথ সংলগ্ন অতি ব্যাস্ত তিনি আলিটোত সেই সময়ত এজনো আৰক্ষী কৰ্তব্যত উপস্থিত নথকাত স্থানীয় ৰাইজ উত্তেজিত হৈ ৰাষ্ট্ৰীয় ঘাইপথটো এক ঘন্টাতকৈ অধিক সময় পথ অবৰোধ কৰে। কিন্তু পথ অবৰোধ কৰাৰ বহুত যান বাহন সৃষ্টি হয় বাবে পথ মোকলাই দিয়া হয়।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article