-1.9 C
Munich
Sunday, November 27, 2022

বয়স্কত মানুহ এইজন স্কুটীসহ ৰাজপথত বাগৰি পৰা দেখি। যুৱক এজনে নাম অনিমেশ সহায় কৰাই কাল হ’ল।

Must read

বয়স্কত মানুহ এইজন স্কুটীসহ ৰাজপথত বাগৰি পৰা দেখি। যুৱক এজনে নাম অনিমেশ সহায় কৰাই কাল হ’ল।
উক্ত ঘটনাৰ সন্দৰ্ভত এতিয়ালৈ ৬ জনক গ্ৰেপ্তাৰ।
 
যোৰহাট নগৰৰ মাজমজিয়া দিন দুপৰীয়া নিৰ্মল চাৰিআলিৰ সমীপত এ টি ৰোডত সোমবাৰে বিয়লি একাংশ উন্মাত যুৱকে মৰিয়াই মৰিয়াই হত্যা কৰে এজন অমায়িক আছুৰ গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকৰ দায়িত্বত থকা যুৱনেতা অনিমেশ ভূঞাক।

অনিমেশৰ এইটোৱে ভুল হ’ল স্কুটি চলাই আহি পথত বাগৰি পৰা দেখি উক্ত ব্যক্তি জনক দুই বন্ধুসহ সহায় কৰিবলৈ গৈছিল অনিমেশ। কিন্তু সুৰাসক্ত হৈ অহা বুলি অভিযোগ উঠা উক্ত ব্যক্তিজনে অনিমেশহতৰ সৈতে কাজিয়াত লিপ্ত হৈ একাংশ অভদ্ৰ যুৱকক ঘটনাস্থলীলৈ মাতি দিয়ে। উল্লেখ্য যে , উক্ত ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় ৩৫-৪০ মিটাৰ নিলগতে আছিল দুটা পুলিচ। সেই সময়ত আৰক্ষী দুজনয়ো কৰ্তব্যৰত অৱস্থাতে আছিল। আনহাতে এই ঘটনা সংঘটিত কৰা যুৱকৰ দলটোত বিখ্যাত ড্ৰাগছ সৰবৰাহকাৰী থকাৰ কথাও পোহৰলৈ আহিছে। ইতিমধ্যে আৰক্ষীয়ে এই ঘটনাৰে জড়িত থকাৰ অভিযোগত ছজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত আগবঢ়াইছে। উক্ত ঘটনাটো সমগ্ৰ অসমবাসীক জোকৰাই গৈছে। সমগ্ৰ ৰাইজৰ দাবী দুষিক শাস্তি প্ৰদান কৰক।

- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article