24.4 C
Munich
Thursday, August 11, 2022

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

Must read

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান। অসমত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচলনা। তিনিচুকীয়াত অসম আৰক্ষীৰ গুলীত দুজন ড্ৰাগছ ব্যৱসায়ী আহত হল। দুই ড্ৰাগছ ব্যৱসায়ী পলায়নৰ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ গুলীত আহত হয়। দুজন ড্ৰাগছ ব্যৱসায় হল নাগালেণ্ডৰ অপেন নুলী আৰু অমৰ দাস বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, এ এছ ০৩ জেড ৭১৭২ নম্বৰৰ এখন বিলাসী’ বাহনত ড্ৰাগছ লৈ অহাৰ সময়ত। এই কথা জানিব পাৰি অসম আৰক্ষীয়ে তিনিচুকীয়াৰ বাইপাছত বাহনখন ৰখাই তালাচী কৰিব লওতেই দুয়োজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰে। আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক লক্ষ্য কৰি ৭ ৰাউণ্ড গুলী চলোৱাত গুৰুতৰভাৱে আহত হয় দুয়োজন বৰ্তমান দুজন ড্ৰাগছ ব্যৱসায়ীক অসম আৰক্ষীৰ জিম্মাত মেডিকেলত চিকিৎসা কৰি থকা হৈছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article