জাতীয় সংগঠনৰ দুই সদস্যক গ্ৰেপ্তাৰ চান্দা তোলাৰ অভিযোগত
আঞ্চলিক জাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক গ্ৰেপ্তাৰ। চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ শিৱসাগৰ আৰক্ষী। অখিল গগৈ ডাঙৰীয়া সমষ্টিত শিৱসাগৰত জাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক শিৱসাগৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ‘টাইপা’(বিজয় ৰাজকোঁৱৰ ফৈদ)ৰ সদস্য দুয়োজন। শিৱসাগৰ আৰক্ষীয়ে যোৱা কালি নিশা গ্ৰেপ্তাৰ কৰে সদস্য দুগৰাকীক। দাবী-ধমকি দি চান্দা তোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী সদস্যৰ নাম ক্ৰমে সুনীল চাংমাই আৰু শৈলেন চাংমাই। ডিমৌ বৰুৱা চাংমাই গাঁৱৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা ১৩৫১/২০২১নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ ধাৰাত
গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীৰ চান্দা অপ-সংস্কৃতিক বিৰুদ্ধে অভিযান তীব্ৰ হৈ পৰিছে।