Salman Khan : সাপে কামুৰিলে ছলমান খানক, হাস্পতালত ভৰ্তি, বৰ্তমান ছলমান খান কত আছে
যোৱা সোমবাৰে বলিউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানৰ (Salman Khan)জন্মদিন। উক্ত দিনটো ভাৰত তথা অন্য অন্য দেশ সমূহতো ছলমান খানৰৰ অনুৰাগী সকলে জন্মদিন পালন কৰে। কিন্তু এই বাৰ ছলমান খানৰ অনুৰাগী সকলে বহুত দুখ। জন্ম দিনৰ এদিন পূৰ্বে অভিনেতা জনক ছলমান খানক সাপে কামুৰিলে। বিশেষ ঘটনাটো চচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে একাংশ অনুৰাগী সকলে ছলমান খানৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিছে। প্ৰতিবাৰৰ দৰেই এইবাৰো ছলমান খানে নিজৰ জন্মদিনটোৰ কিছুদিন পূৰ্বে পানভেলস্থিত ফাৰ্ম হাউছলৈ (Salman Khan Farmhouse) গৈছিল। ফাৰ্ম হাউছত ছলমান খানক নিশা সাপে দংশন কৰে। এই খবৰ অহাৰ পিছতে চিন্তিত হৈ পৰে অনুৰাগী তথা বন্ধু আৰু পৰিয়াল বৰ্গ ।
জনপ্ৰিয় অভিনেতা জনক সাপে দংশন কৰাৰ পিছতে তাৎক্ষণিক ভাবে নৱী মুম্বাইৰ কামোঠে অঞ্চলৰ এমজিএম হাস্পতাললৈ ভৰ্তি কৰা হয়। ডক্তৰৰ ফালৰ তৰফৰ পৰা জনোৱা হৈছে যে ছলমান খানক দংশন কৰা সাপডাল বিষধৰ নাছিল। সেয়ে তেওঁৰ স্বাস্থ্যক লৈ কোনো চিন্তাৰ প্ৰয়োজন নাই। এবিপিৰ এক ৰিপ’ৰ্ট মতে, অভিনেতা জনে নিশা হাস্পতাল কটায় আৰু চিকিৎসাৰ অন্তত আজি পুৱা প্ৰায় ৯ বজাত পানভেলস্থিত ফাৰ্ম হাউছলৈ উভতি আহে। তেওঁ বৰ্তমান সুস্থ।