1 C
Munich
Monday, December 5, 2022

কৰোণা মহামাৰীয়ে কি ৰূপ লৈছে।

Must read

সমগ্ৰ বিশ্বতে ক’ভিডক মহামাৰীক লৈ অযথা সৃষ্টি কৰা হৈছে ভীতিৰ! বিশ্বৰ চিকিৎসা বিশেষজ্ঞই সকলে সকীয়ালে চিকিৎসকক সকলক।
সমগ্ৰ বিশ্বৰ লগতে ভাৰত বৰ্ষতে এতিয়া ক’ভিড ১৯ মহামাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ অৱশ্যে ভেকচিন উদ্ভাৱনৰ পাছত এই ভাইৰাছ বহু পৰিমাণে নিয়ন্ত্ৰণত আহিছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতটো কিন্তু বৰ্তমান পুনৰ আকৌ ক’ভিড ১৯ য়ে গুৰুতৰভাৱে ৰূপ ধাৰণা লোৱা পৰিলক্ষিত হৈছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধান বৈজ্ঞানিক উপদেষ্টা ড০ কে ভি বিজয়ৰাঘৱনে কৰা মন্তব্য অনুসৰি “বৰ্তমান সময়ত ভয়াবহ ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত তৃতীয় পৰ্যায়ৰ ক’ভিড ঢৌ অনিবাৰ্য।
হয়তো, বৰ্ধিত হাৰত ক’ভিড সংক্ৰমণ বৃদ্ধি পোৱা দিশটোলৈ চাই দেশৰ চিকিৎসক মহলে আশংকা কৰিছে যে, হয়তো এয়াই ক’ভিডৰ তৃতীয় ঢৌ হ’ব পাৰে৷ উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰোছ অধানম ঘেব্ৰেয়েচাছ আশাবাদী যে ২০২২ বৰ্ষতে কোভিড-১৯ মহামাৰী সমগ্ৰ বিশ্বৰ পৰা নাইকীয়া হ’ব৷ তেওঁ লগতে ক’য় আমি ক’ভিড-১৯ মহামাৰীয়ে ইয়াৰ তৃতীয় ঢৌ কঢ়িয়াই আনিব সেইটো নিশ্চিত আৰু ইয়াৰ প্ৰভাৱ বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰতে দেখিবলৈ পোৱা যাব। কিন্তু তৃতীয় ঢৌৰ পাছতে অৰ্থাৎ ২০২২ বৰ্ষতে সমগ্ৰ বিশ্বৰ পৰা ক’ভিড মহামাৰী নাইকীয়া হ’ব- কিন্তু এয়া কেৱল তেতিয়াহে সম্ভৱ হ’ব যদিহে সমগ্ৰ বিশ্বয়ে মিলি একেলগে কাম কৰো। কিন্তু তাৰ বাবে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰই সংক্ৰমণ ৰোধৰ বাবে একেলগে কাম কৰিব লাগিব৷ দেশত ক’ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে, এখন মুকলি পত্ৰত ভাৰত, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰায় ৩২ জন চিকিৎসক আৰু স্বাস্থ্য বিশেষজ্ঞই কেন্দ্ৰ, ৰাজ্য চৰকাৰ, ভাৰতীয় চিকিৎসা সংস্থা আৰু চিকিৎসা বৃত্তিধাৰীসকলক ক’ভিড-১৯ ৰ চিকিৎসাৰ বাবে কোনো প্ৰমাণ নথকা ঔষধ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কঠোৰভাৱে নিষেধাজ্ঞ জাৰি কৰিছে৷ উল্লেখ্য যে, ভিটামিন মিশ্ৰণ, এজিথ্ৰোমাইচিন, ডক্সিচাইক্লিন, হাইড্ৰক্সিক্লোৰোকুইন, ফেভিপিৰাভিৰ, আৰু আইভাৰ্মেক্টিনৰ দৰে ঔষধসমূহ কভিড-১৯ ৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিশেষজ্ঞসকলে৷ চিকিৎসকসকলে আনকি লক্ষণহীন বা মৃদু ক্ষেত্ৰতো অপ্ৰয়োজনীয় চিটি স্কেন, ডি-ডিমাৰ আৰু আইএল-৬ পৰীক্ষা কৰা আৰু অ-প্ৰয়োজনীয়ভাৱে ক’ভিড ৰোগীসকলক চিকিৎসালয়ত ভৰ্তি কৰাৰ ক্ষেত্ৰতো এতিয়া তেওঁলোক সৰৱ হৈ উঠিছে৷ স্বাস্থ্য বিশেষজ্ঞসকলে আশংকা কৰিছে যে, এনেদৰে যদি সকলো ক’ভিড আক্ৰান্ত ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, তেনেহলে দেশৰ চিকিৎসালয়সমূহত বিছনা নাইকীয়া হ’ব, যাৰ ফলত ক’ভিডত আক্ৰান্তৰ সংখ্যা বহু গুণে বৃদ্ধি পাব। গুৰতৰ ৰোগীসমূহ উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব আৰু ক’ভিডত মৃত্যুৰ হাৰ বহু পৰিমাণে বৃদ্ধি হ’ব৷
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article