17.3 C
Munich
Wednesday, August 10, 2022

কোটি টকাৰ ড্ৰাগছ জব্দ আজাৰাতমুখ্যমন্ত্ৰীৰ ধমকৰ পিছত আৰক্ষীৰ তৎপৰ

Must read

    কোটি টকাৰ ড্ৰাগছ জব্দ আজাৰাত
মুখ্যমন্ত্ৰীৰ ধমকৰ পিছত আৰক্ষীৰ তৎপৰ
 
a live news :- ড্ৰাগছ মুক্ত অসম গঢ়িবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অহৰহ ভাবে প্ৰচেষ্টা কৰি থকাৰ পিছতো অসমৰ বিভিন্ন স্থানত ড্ৰাগছ মাফিয়াই ড্ৰাগছ সৰবাই আছে। বিগত কেইবামাহত অসম আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ (large quantity of drugs) জব্দ কৰিছে। এতিয়াও অসম আৰক্ষী (Assam police)ৰ অব্যাহত আছে এই ড্ৰাগছ বিৰোধী অভিযান। আজি আজাৰা আৰক্ষীয়ে চলালে ড্ৰাগছবিৰোধী অভিযান । আৰক্ষীক গোপন সূত্ৰে খবৰ পাই মহানগৰীৰৰ আজাৰা আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত জব্দ কৰে প্ৰায় কোটি টকাৰ ড্ৰাগছ।
আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ অধীনত চলিছিল এই অভিযান । ঘটনা সন্দৰ্ভত আটক কৰা হয় ২ জন ড্ৰাগছ ব্যয়সায়ীক। এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি এইজনী মহিলা আৰু এজন পুৰুষে প্ৰায় ৫০০ গ্ৰাম ড্ৰাগছ‌ জব্দ কৰে । জানিব পৰা মতে উক্ত ড্ৰাগছ দুই গৰাকী মহানগৰীৰ বেহাৰবাৰীত ভাড়াতীয়া হিচাপে থকা বৰপেটাৰ আব্দুল মতলিভ আৰু মেঘালয়ৰ ৰেটিলা মাৰাকক ধাবাত খাদ্য গ্ৰহণ কৰি থকাৰ অৱস্থাত আৰক্ষীয়ে ড্ৰাগছসহ আটক কৰে। এই ড্ৰাগছখিনিৰ বজাৰ মুল্য প্ৰায় ১ কোটি টকা।  জব্দ হোৱা পিছত ঘটনাস্থলীত গুৱাহাটী পশ্চিমৰ DCP নৱনীত মহন্ত উপস্থিত হয় । এনেদৰে অসম আৰক্ষীৰ চকুত ধূলি দি বৰ্তমানো বহুত মাফিয়াই ড্ৰাগছৰ ৰমৰমিয়া ব্যৱসায় চলাই আছে। অসমৰ সকলো ঠাইৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে যদি ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে তৎপৰ দেখাই এমাহৰ ভিতৰত অসম ড্ৰাগছ মুক্ত কৰিব প্ৰচেষ্টা কৰি থকা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সফল হ’ব বুলি নিশ্চত। আৰক্ষী সকল সজাগ হ’বলৈ লাগিব এইটো প্ৰচেষ্টাত। বৰ্তমান সময়টো অসমৰ বিভিন্ন স্থানত ড্ৰাগছ বেহা চলাই থকা দেখা গৈছে চচিয়েল মিডিয়াত।
English translation :-
Drugs worth crores of rupees seized
                       Chiefly
 
a live news: – Drug mafia in Assam In the last few months, Assam police have seized large quantities of drugs. This anti-drug operation is still being carried out by the Assam Police. Today, the Azara police launched an anti-drug operation. Azara police in the metropolis have seized drugs worth crores of rupees in a raid near Barjhar airport.
The operation was carried out under the charge of Azara Police Station under Tapan Kalita. Two drug dealers were arrested in connection with the incident. This woman and a man seize about 500 grams of this large quantity of drugs. It is learned that Abdul Matliv of Barpeta and Retila Marak of Meghalaya, both tenants of Beharbari in the metropolis, were detained by the police while they were eating in Dhabat. The market value of this drug is around Rs. 1 crore. Guwahati West DCP Navneet Mahanta appeared at the scene after the seizure. This is not the first time that a drug lord has been involved in drug trafficking. Assam Chief Minister Himanta Bishwa Sharma, who has been trying to get rid of the Assam drug menace within a month, is sure to succeed if all the responsible persons in Assam take action against the drug mafia. The police have to be vigilant in this endeavor. At present, drugs are being used in various parts of Assam, according to social media.
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article