1 C
Munich
Monday, December 5, 2022

এইবাৰ গৰু আৰু ছাগলী চোৰ নহয় এইবাৰ মহানগৰত কুকুৰ (DOG) চোৰ

Must read

এইবাৰ গৰু আৰু ছাগলী চোৰ নহয়           

এইবাৰ মহানগৰত কুকুৰ (DOG) চোৰ
 
 
 
আচৰিত চোৰ এইবাৰ গৰু, ছাগলী নহয়। এইখন ৰাজ্যত গুৱাহাটী মহানগৰত সক্ৰিয় হৈ পৰিছে কুকুৰ চোৰ চক্ৰ। নিশা গুৱাহাটী বিভিন্ন ঠাইৰ পৰা হঠাৎ নোহোৱা হৈছে পথৰ কুকুৰ বিলাক৷ আচৰিত বিষয় এই যে, প্ৰতিদিনে গুৱাহাটীৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা বহিঃৰাজ্যলৈ অবৈধভাৱে পদপথৰ কুকুৰ বিলাক লৈ যোৱা পৰিলক্ষিত হৈছে। কুকুৰ সৰবৰাহকাৰীৰ চকু মহানগৰীৰ ৰাজপথৰ কুকুৰ সমূহৰ ওপৰত। এটা বিশেষ চক্ৰই পদপথৰ কুকুৰ সমূহৰ ওপৰত চলাই আহি আছে চোৰাং সৰবৰাহ ডিমাপুৰ, কহিমা, আইজল আৰু ম্যানমাৰলৈ চলাই থকাৰ কথা পোহৰলৈ আহিছে৷
কেইদিনমানৰ আগত মহানগৰত লাগী থকা এখন ভিতৰুৱা অঞ্চলৰ পৰা এনেদৰেই বস্তাত বান্ধি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল ৪৫ টাকৈ পদপথৰ কুকুৰ। ঠিক, একেদৰেই গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ আন আন ভিতৰোৱা প্ৰান্তৰ পদপথৰ কুকুৰ বস্তাত বান্ধি সৰবৰাহ কৰে বহিঃৰাজ্যলৈ। ৰাজ্যত চোৰাংচোৱাৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বন্ধ কৰিবলৈ তৎপৰ কৰি আছে। কিন্তু বিভিন্ন ধৰণৰ চোৰ সৃষ্টি হৈ আছে।
- Advertisement -spot_img

More articles

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisement -spot_img

Latest article