অসমৰ ২২ হাজাৰ যুৱকলৈ প্ৰতিমাহত
৬,৫০০ টকাকৈ প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে
অসমৰ বিজেপি চৰকাৰে আচঁনিৰ নাম দিছে জল জীৱন মিছনৰ অধীনত ৰাজ্যৰ ২২ হাজাৰ যুৱকক প্ৰতিমাহত ৬,৫০০ টকা প্ৰদান কৰিব। দিশপুৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত মৰ্মে এই ধন প্ৰদান কৰা হ’ব জলজীৱন মিছনৰ অন্তৰ্ভুক্ত যুৱক সকলৰ বাবে। যোৱা কালি অনুষ্ঠিত কেবিনৰ বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে সংবাদ মাধ্যমৰ আগত কয় জলজীৱন মিছনৰ ছিংগেল ভিলেজ আঁচনিৰ অধীনত ২২ হাজাৰ যুৱকক (22000 youth) নিযুক্তি দি এই ধন আগবঢ়োৱা হ’ব। তেওঁ কয় যে জলজীৱন মিছন (Jal Jeevan Mission)ৰ সৈতে অতিত বহু বছৰ বছৰ ধৰি ব্যক্তি জড়িত আছিল। কোনোৱে নিজৰ মাটি দান কৰিও এই দিশত অৱদান আগবঢ়োৱাও পৰিলক্ষিত হৈছে। বৰ্তমান চৰকাৰে তেওঁলোককো এনে আঁচনিৰ অধীনত সামান্য মাননি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
ৰঞ্জিত দাসে লগতে কয় উক্ত আঁচনিটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এক অভিলাষী আঁচনি। এই প্ৰসংগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বতে উল্লেখ কৰিছিল যে কেন্দ্ৰস্থ স্থান হিচাপে অসমৰ ক্ষেত্ৰত জলজীৱন মিছনৰ কাৰ্যপন্থাৰ ফলাফল ভাল নাছিল। কিন্তু এতিয়া অসমৰ পৰা জলজীৱন মিছনৰ অন্তৰ্ভুক্ত হোৱা লোক প্ৰতিমাহে এই আঁচনি নিয়ম অনুযায়ী ৬,৫০০ (6,500) টকা কৰি বেংক একাউণ্টত পাব।