পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অসমত উপস্থিত হোৱাৰ দিনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ।
অসমৰ ৰাজনৈতিকৰ বৰ্তমান সবাটোকৈ ডাঙৰ দুটা খবৰে গৰম কৰি ৰাখিছে আজিলৈ৷ পশ্চিম বঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী কামখ্যা ভ্ৰমণ কৰাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক হঠাৎ দিল্লীলৈ যাবলৈ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মা আৰু মমতা বেনাৰ্জী ৰাজনৈতিক ক্ষেত্ৰখনৰ এই দুয়োটা খবৰৰ অন্তৰালত আছে এক বৃহৎ ৰাজনৈতিক৷ অসমৰ মুখ্যমন্ত্ৰী আজি ৰাতিপুৱা হঠাৎ দিল্লীলৈ যাত্ৰা কৰাৰ আৰৰ ৰহস্য কি?৷ খবৰ অনুসৰি, হিমন্ত বিশ্ব শৰ্মা আজি দুপৰীয়া সময়ত দলৰ হাইকমাণ্ড গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব বুলি ৰাজনৈতিক ভিতৰৰ মহলৰ তৰফৰ পৰা গম পোৱা গৈছে ৷ উল্লেখ্য যে, ৰাজ্যত চলি আছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন৷ অধিৱেশনৰ আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ দিন, গতিকে অধিৱেশনৰ চলি থকাৰ সময়তে ৰাজ্যখনৰ মুৰব্বী মুখ্যমন্ত্ৰীজন হঠাৎ দিল্লীলৈ যোৱা কাৰ্যৰ আঁৰত থাকিব পাৰে কেন্দ্ৰৰ কিছু গুৰুত্বপূৰ্ণ মনোভাৱ৷
বৰ্তমান দেশৰ ৫ খন ৰাজ্যৰ আছে বিধানসভা নিৰ্বাচন, সেইকেইখন হ’ল- উত্তৰ প্ৰদেশ, পঞ্জাব, গোৱা, উত্তৰাখাণ্ড আৰু মণিপুৰ৷ এই ৰাজ্যকেইখনৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ নিৰ্বাচন হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচনক কেন্দ্ৰই লক্ষ্য কৰি লৈছে, কিয়নো উত্তৰ প্ৰদেশ বিধানসভা মুঠ ৪০৩ টা বিধানসভা সমষ্টি আছে৷ নিশ্চিতভাৱে বিজেপি চৰকাৰ তথা বিৰুধী ৰাজনৈতিক দল কংগ্ৰেছৰ উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ওপৰত যে শেন চকু আছে সেইটো নিশ্চিত৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনক এই ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে দিল্লীলৈ মতা কাৰ্যক নিৰ্বাচনীকেন্দ্ৰীক কথা-বতৰা বাবেই হয়তো মাতিছে৷ কিয়নো নিৰ্বাচনৰ বাবে বৃহৎ পৰিমাণৰ পুজিৰ প্ৰয়োজন হয় একোখন ৰাজ্যক আৰু এই নিৰ্বাচনী পুজি কেন্দ্ৰই বিজেপি শাসিত আটাইবোৰ ৰাজ্যৰ পৰা সংগ্ৰহ কৰে৷ পুজিকেন্দ্ৰীক আলোচনাৰ বাবে কেন্দ্ৰই মুখ্যমন্ত্ৰীজনক মাতি পঠাইছে বুলি ৰাইজৰ মাজত চৰ্চা হৈছে৷
দ্বিতীয়তে, অশান্ত হৈ পৰিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ লগতে অসমৰ সীমা সমস্য৷ NEDA আহ্বায়ক হিচাপে মুখ্যমন্ত্ৰীৰ পৰা এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ কথা-বতৰা বাবে কেন্দ্ৰই মাতি পঠাব পাৰে গৃহমন্ত্ৰী অমিত শ্বাহে।
তদুপৰি অসমলৈ আহিছে পশ্চিমবংগৰ নিৰ্বাচনত বিজেপিক পানী খোৱাই নিজৰ চকী খন ৰাখিব সক্ষম হোৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। খবৰ অনুসৰি, দিনৰ ২ বজাত কামাখ্যা মন্দিৰ দৰ্শন কৰিছে মমতা দিদিয়ে। কামাখ্যা দৰ্শনৰ পিছতে মমতাই বিভিন্ন দিশৰ কাৰ্যসূচীত ভাগ ল’ব বুলি জানিব পৰা গৈছে৷ দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনাৰে অসম ভ্ৰমণলৈ আহিব অগ্নিকন্যা মমতা। পশ্চিমবংগত ‘দিদি’ যিধৰণে ভাৰতীয় জনতা পাৰ্টিৰ বৃহৎ বৃহৎ নেতাক ধূলিচাৎ কৰি পেলাইছে আনকি দেশৰ প্ৰধান মন্ত্ৰী আৰু গৃহমন্ত্ৰীকো প্ৰত্যাহ্বান দি পশ্চিম বঙ্গত দিদিৰ চৰকাৰৰ গঠন কৰিবলৈ সক্ষড় হৈছিল। সেইটো দেশৰ সকলো নাগৰিকে দেখিছে। সেই সূত্ৰে চচিয়েল মিডিয়াৰ যোগে দি বহু লোকে প্ৰচাৰ কৰা দেখিবলৈ পৰিলক্ষিত হৈছিল নৰেন্দ্ৰ মোদীক প্ৰত্যাহ্বান দিব ৰাজনৈতিক নেতা মমতা বেনাৰ্জী বুলি।